নামৰূপ সাৰ কাৰখানাত সতৰ্কতা জাগৰণ সপ্তাহ পালন…

নামৰূপ সাৰ কাৰখানাত সতৰ্কতা জাগৰণ সপ্তাহ পালন…

ডিজিটেল সংবাদ,নামৰূপঃ স্বাধীনতাৰ ৭৫ বছৰ  সম্পূৰ্ণ  কৰা ভাৰতে সত্য নিষ্ঠাৰ জৰিয়তে আত্মনির্ভৰতা  শ্লোগানেৰে  সমগ্ৰ দেশতে  ২৬ অক্টোবৰ পৰা সপ্তাহ জোৰা সতৰ্কতা জাগৰণ সপ্তাহ পালন কৰিছে । নামৰূপ সাৰ কাৰখানাত মংগলবাৰৰ পৰা বিভিন্ন কায্যসূচীৰে সতৰ্কতা জাগৰণ সপ্তাহ পালন কৰিছে। এই উপলক্ষে  উদ্যোগটোৰ ট্ৰেইনিং চেণ্টাৰত বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মাহান্তিয়ে দিৱসৰ ওপৰত এক উদগনি মূলক ভাষণ প্ৰদান কৰে।

  সাৰ কাৰখানাৰ বিত্ত সঞ্চালক এছ চি দাস, উৎপাদন সঞ্চালক দিগম্বৰ সাহাই, প্ৰশাসন বিষয়া পংকজ গগৈ,  ভিজিলেঞ্চ বিভাগৰ বিষয়া কেশৱ ডে প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলোৱে সতৰ্কতা দিৱসৰ শপত বাক্য পাঠ কৰে।  সতৰ্কতা দিৱস উপলক্ষে উদ্যোগ টোৰ বিষয়া কৰ্মচাৰী সকলৰ মাজত শ্লোগান আৰু ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।  লগতে নামৰূপৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উদ্যোগ টোৰ প্ৰশাসনিক বিষয়া গৰাকীয়ে  জনোৱা মতে সপ্তাহ যোৰা দিৱসৰ প্ৰতিটো দিনতে সজাগতা সভা ,বাটৰ নাট আদি পৃথক কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। উল্লেখ্য যে অহা এক  নৱেম্বৰত এই কায্যসূচীৰ অন্ত পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in