আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰা গ’ বেক ধ্বনিৰে নামৰূপত আছুৰ অৱস্থান ধৰ্মঘট…

আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰা গ’ বেক ধ্বনিৰে নামৰূপত আছুৰ অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ নামৰূপঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নামৰূপ সোণাৰী তিনিআলিত শুকুৰবাৰে ডিব্ৰুগড় আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ, জোতাৰে গচকি শ্বহীদ বেদীক কৰা অপমানৰ প্ৰতিবাদত,প্ৰতিজন আছু কৰ্মীক বিনাচৰ্তে মুকলি আৰু দোষী আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অসীম ফুকনে এই প্ৰতিবাদক নেতৃত্ব প্ৰদান কৰি কয় যে, ডিব্ৰু কলেজৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা ২৫ তাৰিখে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা কাৰ্যালয় তথা অধ্যয়ন কেন্দ্ৰত কম্পিউটাৰ আদিৰ প্ৰশিক্ষণ ল'বলৈ অহা ছাত্ৰ-ছাত্ৰীক ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা আৰু উপ আৰক্ষী অধীক্ষক আচুৰ্য্য জীৱন বৰুৱাৰ নেতৃত্বত যোৱা দলে আইনী প্ৰক্ৰিয়াৰ নামত আছুৰ শ্বহীদ বেদী গচকি অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক যি অপমান কৰিলে সেইয়া কেতিয়াও গ্ৰহণযোগ্য নহয়।

তেওঁ লগতে কয় যে আছু কৰ্মীক থানালৈ নি ১৫ ৰ পৰা ২০ ডাল বেত পিঠিত মাৰি ফালি দি যি অত্যাচাৰ অমানৱীয় কাৰ্য সাধন কৰিলে আৰক্ষী অধীক্ষক তথা উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে সেয়া এক নিকৃষ্ট কাণ্ড বুলি কয় নামৰূপ আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে। তেওঁ লগতে উল্লেখ কৰে যে আৰক্ষী অধীক্ষক গৰকীক আছু নেতৃত্বই প্ৰশ্ন কৰোঁতে আৰক্ষী অধীক্ষক গৰাকীয়ে অভিভাৱক মন্ত্ৰী অতুল বড়াৰ নিৰ্দেশত এই কাম কৰা হৈছে বুলি জানিবলৈ দিয়ে বুলি অভিযোগ কৰিছে আছু নামৰূপ আঞ্চলিকৰ সাধাৰণ সম্পাদক জনে।

গতিকে তেওঁ কয় যে মাতৃ সংগঠন আছুৰ কৰ্মীৰ ওপৰত এইদৰে আৰক্ষীক মেলি দি মন্ত্ৰী জনে যি ধৃষ্টতা কৰিলে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। গতিকে মন্ত্ৰীগৰাকীক নিজৰ গাদী এৰি দিবলৈ সকীয়াই দিয়ে আছু নেতাজনে। তেওঁ কয় যে যেতিয়ালৈকে এই অসমীয়া বিৰোধী আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা আৰু এ পি এচ চি  কেলেংকাৰীৰ লগত জড়িত উপ-আৰক্ষী অধীক্ষক আচুৰ্য জীৱন বৰুৱাৰ ওপৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈ ছাত্ৰ সন্থাৰ ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদ চলি যাব আৰু প্ৰয়োজনত ইয়াতকৈ আৰু অধিক জংগী আন্দোলন কৰা হ'ব বুলি তেওঁ চৰকাৰক সকীয়নি দিয়ে।

উল্লেখ্য যে নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ কাৰ্যালয়ৰ নিচেই নিলগতে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা গ'বেক,শ্বেতাংক মিশ্ৰা হায় হায়,উপ আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱা হায় হায়,অতুল বড়া হায় হায় আদি ধ্বনিৰে নামৰূপত উত্তাল পৰিৱেশ সৃষ্টি কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in