মাছৰ গাড়ীত ধনদাবী কৰি ৰঙাঘৰৰ আলহী নামৰূপ আছুৰ সভাপতি-জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক…

মাছৰ গাড়ীত ধনদাবী কৰি ৰঙাঘৰৰ আলহী নামৰূপ আছুৰ সভাপতি-জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক…

ডিজিটেল সংবাদ, নামৰূপঃ মাছ কঢ়িওৱা গাড়ীত ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল নামৰূপ আছুৰ দুই ছাত্ৰ নেতা। নামৰূপ থানাৰ পৰা প্ৰাপ্ত তথ্য মতে দেওবাৰে চৰাইদেও জিলাৰ বৰহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনত ৩০ হাজাৰ টকা দাবী কৰে নামৰূপ আছুৰ নেতা দুজনে । কিন্ত উক্ত ধন মাছৰ গাড়ীখনে দিবলৈ অসন্মতি প্ৰকাশ কৰাত পুৱাৰ পৰা বিয়লি ৩ বজালৈকে নামৰূপ আছুৰ কাৰ্যালয় সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই।

ইফালে, বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ফলত গাড়ী থকা মাছ সমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষী থানত এক গোচৰ ৰুজু কৰে। ইতিমধ্যে এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাৰ অধীনত ১৫৩/২১ নম্বৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক দেওবাৰে সন্ধ্যা গ্ৰেপ্তাৰ কৰি সোমবাৰে জেল হাজোঁতলৈ নিক্ষেপ কৰে।

উল্লেখ্য যে, ইয়াৰে জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইয়ে পূৰ্বেও অনৈতিক কাৰ্যত লিপ্ত হৈ তিনিমাহৰ বাবে আছুৰ পৰা নিলম্বিত হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে পৱিত্ৰ অনুষ্ঠানত থাকি আছুক ধন ঘটাৰ অনুষ্ঠানলৈ পৰিণত কৰি সংগঠনটোত কালিমা সনা এনে ছাত্ৰ নেতাৰ বিৰুদ্ধে আছুৰ শীৰ্ষ নেতৃত্বই কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in