আধ্যাত্মিকতাৰ সমাহাৰেৰে দক্ষিণ যোৰহাটত শ্ৰী শ্ৰী ৰাসলীলা সম্পন্ন, দুয়োটা ৰজনীতে হাজাৰ হাজাৰ দৰ্শকৰ সমাগম, VIDEO

আধ্যাত্মিকতাৰ সমাহাৰেৰে দক্ষিণ যোৰহাটত শ্ৰী শ্ৰী ৰাসলীলা সম্পন্ন, দুয়োটা ৰজনীতে হাজাৰ হাজাৰ দৰ্শকৰ সমাগম, VIDEO

ডিজিটেল সংবাদ, যোৰহাটঃ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক আনন্দ উল্লাসৰ। সত্ৰ নগৰী মাজুলীৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাসলীলা চাবলৈ মানুহ ওলাই আহিছে। এইক্ষেত্ৰত যোৰহাট জিলাতো ৰাইজৰ মাজত ব্যাপক উচাহৰ সৃষ্টি হয়। পূবৰ বছৰসমূহৰ দৰে এইবাৰো দক্ষিণ যোৰহাটৰ নামনি তিমতিমীয়া ৰংগমঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিখন ৰাসতে দৰ্শক পুৱতি নিশালৈ উপস্থিত থাকি ৰাস উপভোগ কৰা দেখিবলৈ পোৱা যায়।

দক্ষিণ যোৰহাটৰ নামনি তিমতিমীয়া ৰংগমঞ্চত দুদিনীয়াকৈ পালন কৰা শ্ৰী শ্ৰী কষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ সামৰণি পৰিল। এইবাৰ এই ৰাসলীলাই ভৰি দিলে নৱম বৰ্ষত। পৰম্পৰাগতভাৱে অুষ্ঠিত এই ৰাসলীলা চাবলৈ সমগ্ৰ অঞ্চলটোৰ বহু লোকৰ সমাগম হয়।

অঞ্চলটোৰ বৃদ্ধ লোকসকলৰ পৰা নৱ প্ৰজন্মৰ লৈকে সকলোৱে এই ৰাসত সুন্দৰ অভিনয় কৰে বুলি উপস্থিত দৰ্শকসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে, নিতুল বাপী বৰা প্ৰমুখ্যে লাতু গগৈয়ে প্ৰযুক্তি-কৌশল পৰিচালনা কৰা নাটখন পৰিচালনা কৰে প্ৰফুল্ল প্ৰাণ গগৈয়ে। ইফালে সহযোগী পৰিচালকৰ দায়িত্ব পালন কৰে নৱপ্ৰজন্মৰ নৱজ্যোতি গগৈ আৰু ইশ্বৰপ্ৰদত্ত গগৈয়ে।

একেদৰে অভিনয়ত নবীনসকলৰ যাদৱজ্যোতি শেনচোৱা, উমাকান্ত বৰুৱা, শান্তনু গগৈ, নৱজ্যোতি গগৈ, দীপজ্যোতি গগৈ, পিংকি গগৈয়ে বিশেষভাৱে সহযোগীতা আগবঢ়াই। এই নাটখনিত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে সংগীতা গগৈয়ে আৰু বসুদেৱৰ চৰিত্ৰত অভিনয় কৰে অংকুৰ বৰাই। ঠিক তেনেদৰে ৰাধাৰ চৰিত্ৰত অভিনয় কৰে কৰিণা দিহিঙীয়াই।

উল্লেখ্য যে, বহুবছৰ ধৰি অভিনয়ৰে ক্ষেত্ৰখনৰে জড়িত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক বিনোদ গগৈয়ে কংসৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে আন আন একাংশ অভিনেতা-অভিনেত্ৰী হৈছে- দৈৱকী ঋতুপৰ্ণা গগৈ, ডাঃ অৰুণ শইকীয়া, বিনয় কুমাৰ শইকীয়া, হীৰকজ্যোতি বৰুৱা, নৱজ্যোতি শইকীয়া, অভিনাশ দাস, কৌস্তুভমণি শেনচোৱা, কেশৱ গগৈ, চম্পক গগৈ, গৌতম গগৈ, বলিন গগৈ, পদুম বৰা, অনিল বৰা, ক্ষীৰোদ বৰা, ময়ুৰী গগৈ, পিংকি বৰা, দেৱযানী বৰা, ৰাধা বৰা আৰু স্নিগ্ধা বৰা ইত্যাদি।

উদযাপন সমিতিৰ সভাপতি হিৰেণ বৰুৱাই প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰে। নাটখনিত সংগীতৰ ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লয় জিতুল গগৈ, মহেন্দ্ৰ নাথ গগৈ, যোগেন চন্দ্ৰ নেওগ, ৰঞ্জিত দত্ত, গৌৰৱ টুংখুঙীয়া, বুলি চুনু, সীমা ভূঞা বৰা, ৰাধা বৰা আৰু সংগীসকলে। পোহৰ ব্যৱস্থাপনাত নৱাগত অংকুৰজ্যোতি গগৈৰ সাধনা প্ৰশংসনীয়।

সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক টংকেশ্বৰ হাজৰিকা বৰবায়নক নামনি তিমতিমীয়া শিশু বিকাশ সাংস্কৃতিক কেন্দ্ৰৰ শিশুসকলক প্ৰশিক্ষণ দিয়াৰ সুবাদত সম্বৰ্ধনা জনোৱা হয়। নাটখনিৰ শুভ উদ্বোধন কৰে যোৰহাট জিলা পৰিষদৰ চৰাইবাহী সমষ্টিৰ সদস্য উত্তম কুমাৰ গগৈ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক প্ৰণৱ হাজৰিকাই।

কাৰ্যালয় পৰিচালনাত বিশেষ দায়িত্ব পালন কৰে ৰাজীৱ বৰুৱা আৰু ৰাণাজিৎ গগৈয়ে। অতি উল্লেখনীয় কথা যে, মাত্ৰ নাটখনি পৰিচালনা তথা অভিনয় কৰিয়ে দায়িত্ব সামৰা নাই অঞ্চলটোৰ ৰাইজে। তেওঁলোকে নাট সামৰণিৰ অংশস্বৰূপে সকলো লগ-লাগি মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰে। এই অনুষ্ঠানতে মান-সন্মান, চাৰিত্ৰিক বৈশিষ্ট, সামাজিক দায়বদ্ধতা, আধ্যাত্মিকতাৰ দৃষ্টিভংগীকে ধৰি বিভিন্ন বিষয়ত আলোকপাত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in