উজনিৰ পিছত এইবাৰ নামনিত ভয়ংকৰ ৰূপত বানঃ পুঠিমাৰী, পহুমৰা, কুলছীয়ে চিঙিলে মথাউৰি…

উজনিৰ পিছত এইবাৰ নামনিত ভয়ংকৰ ৰূপত বানঃ পুঠিমাৰী, পহুমৰা, কুলছীয়ে চিঙিলে মথাউৰি…

ডিজিটেল ডেস্কঃ উজনিত বানৰ তাণ্ডৱ চলি থকাৰ সময়তে শেহতীয়াকৈ শনিবাৰে নিশাৰে পৰা মধ্য আৰু নামনি অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বানে। গুৱাহাটীত লুইতৰ পানী বিপদসীমাৰ ৪৫ছেঃমিঃ ওপৰেৰে বৈ থকাৰ সময়ত কামৰূপ গ্ৰাম্য, ওদালগুৰি, বৰপেটা আদি জিলাত পুঠিমাৰী, পহুমৰা, কুলছী আদি নদীয়ে বহুস্থানত মথাউৰি চিঙি অসংখ্য গাঁও জলমগ্ন কৰি তুলিছে।

পুঠিমাৰী আৰু কুলছী নৈয়ে ৮টাৰো অধিক স্থানত মথাউৰি চিঙি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাই নহয় গুৱাহাটীৰ পৰা হাজো-নলবাৰী পথ যিকোনো মূৰ্হুততে বাঢ়নী বুৰাই পেলোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখযোগ্য যে, যোৱা বছৰো পুঠিমাৰীৰ আঠগাঁও অঞ্চলত চিঙা মথাউৰি ৮৮কোটি টকা ব্যয়েৰে মেৰামতি কৰাৰ আঁচনি মুখ্যমন্ত্ৰীয়ে নিজেই তদাৰক কৰিছিল।

কিন্তু নতুনকৈ নিৰ্মাণ কৰা মথাউৰিটো আঠগাঁও অঞ্চলৰ লগতে বঢ়মবৈ, কুছিয়াৰগুৰি উপৰি কামৰুপৰে কমলপুৰ, বাক্সা, মাহমৰা, গেলগেলী আদি বিভিন্ন অঞ্চল জলমগ্ন কৰি তুলিছে। এতিয়ালৈকে বানে এই অঞ্চলত মানুহৰ জীৱন হানি কৰাৰ খবৰ পোৱা হোৱা নাই যদিও অসংখ্য পশুধন পানীত উটি গৈছে।

ইফালে, কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পই এৰি দিয়া জলাধাৰত পানীৰ হেঁচা কমাবলৈ এৰি দিয়া পানীৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ এলেকাত হোৱা বাঢ়নী পানীৰ সোঁতে শনিবাৰে নিশা বিশ্বেশ্ব বসুমতাৰী নামৰ এজন লোকক উটুৱাই নিয়ে। আনহাতে কলিয়াবৰৰ চামধৰা গাঁৱৰ দীপক শইকীয়া নামৰ যুৱকজন শনিবাৰে নিশা মাছ মাৰিবলৈ যাওতে দুৰ্ঘটনাবশত ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ সোঁতত উটি যায়। ডিমৌতো বাঢ়নী পানীয়ে উটুৱাই নিয়া এজন লোক বৰ্তমানো সন্ধানহীন হৈ আছে। শেহতীয়াকৈ খবৰ আহিছে যে, উজনিৰ বোকাখাতৰ ডিফলুপথাৰতো চিঙিছে মথাউৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in