৬০ টা যাত্ৰাদললৈ নামিছে কাল অমানিশা,  চৰকাৰক সহায় ভিক্ষা প্ৰযোজক সন্থাৰ…

৬০ টা যাত্ৰাদললৈ নামিছে কাল অমানিশা, চৰকাৰক সহায় ভিক্ষা প্ৰযোজক সন্থাৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ নাট্য জগতৰ পুৰোধা ব্যক্তি বীৰ সৈনিক ব্ৰজনাথ শৰ্মাই প্ৰতিষ্ঠা কৰি থৈ যোৱা লোক সংস্কৃতিৰ অন্যতম সম্পদ যাত্ৰাদলসমূহ ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ভীষণ দুৰ্যোগৰ সম্মুখীন হৈছে। অসমৰ সাতামপুৰুষীয়া যাত্ৰা নাট্য দলসমূহৰ প্ৰযোজক,শিল্পী, কলা-কুশলীৰ জীৱনলৈ চৰম দুৰ্যোগ নামি অহাৰ সময়ত আজি সদৌ অসম ভ্ৰাম্যমাণ যাত্ৰাদল প্ৰযোজক সন্থাই প্ৰতিটো যাত্ৰা নাট্য দললৈ নিম্নতম পাঁচ লাখ টকাকৈ সাহায্য আগবঢ়াবলৈ আৰু যাত্ৰা দলৰ লগত জৰিত শিল্পী, কলা-কুশলীৰ পৰিয়ালক আৰ্থিক অনুদান দিয়াৰ বাবে দাবী জনাইছে। সদৌ অসম ভ্ৰাম্যমাণ যাত্ৰাদল প্ৰযোজক সন্থাই নলবাৰীত আয়োজন কৰা এখন সংবাদমেলত এই দাবী উত্থাপন কৰে।

সংবাদমেলত সন্থাৰ সভাপতি নৱ শৰ্মা, উপ সভাপতি চবিন পাঠক আৰু সম্পাদক সুমন ভৰদ্বাজে কয় যে থলুৱা শিল্পী, কৰ্মীৰ দ্বাৰা গঠিত হোৱা যাত্ৰাদলসমূহ প্ৰধানতঃ নামনি অসমত প্ৰতিষ্ঠিত। বৰ্তমান সমগ্ৰ অসমত প্ৰায় ৬০ টা এনে নাট্য দল আছে। ইয়াত কমেও দুহেজাৰ শিল্পী, কৰ্মী জড়িত হৈ আছে। পূজা,সবাহ,উৎসৱ-পাৰ্বন আদিৰ অন্যতম আকৰ্ষণ এই যাত্ৰাপাৰ্টিসমূহ। কিন্তু ২০১৯ চনৰ শেষ ভাগৰ পৰা এই দলসমূহে নাট মেলিব পৰা নাই।

'কা' বিৰোধী আন্দোলন আৰু কোৰোনা মহামাৰীৰ বিভীষিকাই যাত্ৰাদলসমূহলৈ কাল অমানিশা মাতি আনিছে। ফলত প্ৰযোজক,শিল্পী, কলা-কুশলীৰ অৱস্থা নাজল নাথল হৈ পৰিছে। প্ৰযোজক সন্থাই সংবাদমেলত উল্লেখ কৰে যে যাত্রাদলৰ শিল্পীসকল ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীসকলতকৈ আৰ্থিক দিশত অধিক পিচপৰা।

অধিকাংশ শিল্পী, কৰ্মীয়ে দিনত সাধাৰণ খেতি বাতি কৰি বা হাজিৰা কৰি নিশাৰ ভাগত মঞ্চৰ যোগেদি নিজ প্ৰতিভা বিকাশ কৰি পৰিয়ালটো ভৰণ পোষণ দিয়ে। সমান্তৰালভাবে এই যাত্ৰাদলসমূহৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে পোহৰ বিভাগ, শব্দযন্ত্ৰী আৰু টেন্ট হাউচৰ কৰ্মীসকল। এনে অৱস্থাত চৰম দুৰ্যোগে হেঁচা মাৰি ধৰা এশ শতাংশ খিলঞ্জীয়া মানুহৰ দ্বাৰা গঠিত যাত্ৰাদলসমূহৰ প্ৰতি ৰজাঘৰ-প্ৰজাঘৰ সকলোৰে দায়বদ্ধতা কামনা কৰে প্ৰযোজক সন্থাই। আৰ্থিক অনাতনত ভাগি পৰা যাত্ৰা নাট্যদলসমূহ পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত প্ৰতিটো নাট্য দললৈ ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰিবলৈ আৰু ইয়াৰ লগত জড়িত শিল্পী, কলা-কুশলীৰ পৰিয়ালসমূহক আৰ্থিক অনুদান প্ৰদান কৰিবলৈ ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ ওচৰত আবেদন জনাইছে প্ৰযোজক সন্থাই।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in