নলবাৰীৰ বিশিষ্ট সমাজসেৱক ভদ্ৰকান্ত শৰ্মাৰ পৰলোকপ্ৰাপ্তি

নলবাৰীৰ বিশিষ্ট সমাজসেৱক ভদ্ৰকান্ত শৰ্মাৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী চহৰৰ নিকটৱৰ্তী বৰআজাৰা গাঁৱৰ বিশিষ্ট নাগৰিক, সমাজসেৱী, শিক্ষা-সংস্কৃতিপ্ৰেমী, অধ্যয়নপুষ্ট, উত্তৰ পূব সীমান্ত ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল ভদ্ৰকান্ত শৰ্মাৰ  শুকুৰবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে। বাৰ্ধক্যজনিত ৰোগত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ।

শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰা ভদ্ৰকান্ত শৰ্মাই গান্ধী স্মাৰক নিধি, শ্ৰীগুৰু প্ৰেছ আৰু ৰামধেনু বাৰ্তালোচনীত চাব এডিটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিচত দীৰ্ঘদিন ধৰি ৰে'ল বিভাগত সেৱা আগবঢ়াই ১৯৯৩ চনত চাকৰিৰ পৰা অৱসৰ লৈছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত সেউজী সাহিত্য কানন,বৰআজাৰা বানামূৰ লক্ষ্মীনাৰায়ণ নামঘৰ সমিতি,গাওঁ উন্নয়ন সমিতি, সাংস্কৃতিক মহাসভা,অসমৰ নলবাৰী জিলা সমিতি,নলবাৰী জিলা সাহিত্য সভা,নলবাৰী সাহিত্য সমাজ,দক্ষিণ নলবাৰী সাহিত্য সভা, নলবাৰী জিলা প্ৰেছ ক্লাব আদি বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁৰ নশ্বৰ দেহ লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগনত ৰাখি বিভিন্নজনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিচত বহু গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত শৰ্মাই 'অসমীয়া প্ৰতিদিন' ৰ সাংবাদিক কমলেশ শৰ্মাসহ দুজন পুত্ৰ, তিনিগৰাকী কন্যা, বোৱাৰী, জোঁৱাই,নাতি-নাতিনী আৰু অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়।উল্লেখ্য যে, যোৱা বৰ্ষৰ ৭ ছেপ্টেম্বৰত তেখেতৰ পত্নীৰো মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in