উজ্জীৱন বেংকৰ ব্যতিক্ৰমী প্ৰচেষ্টা, শান্তি নিবাসৰ আৱাসীৰ বাবে নিৰ্মাণ আধুনিক মানৰ কোঠালী…

উজ্জীৱন বেংকৰ ব্যতিক্ৰমী প্ৰচেষ্টা, শান্তি নিবাসৰ আৱাসীৰ বাবে নিৰ্মাণ আধুনিক মানৰ কোঠালী…

ডিজিটেল সংবাদ, নলবাৰী: উজ্জীৱন বেংকে বিভিন্ন বিভিন্ন সময়ত ইতিবাসক কাম-কাজ কৰি সমাদৃত হোৱাৰ পিছত শেহতীয়াকৈ নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমৰ আৱাসী সকলৰ বাবে এটা আধুনিক মানৰ কোঠালী নিৰ্মাণ কৰি দিয়ে । কেবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিয়া কোঠালীটো শনিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃষ্ণ চন্দ্ৰ গৌড়ে।

বেংকটোৰ নামনি অসমৰ বিষয় ববীয়া হিমাংশু পাটগিৰি , নলবাৰী জিলা পেঞ্চনাৰ সন্থাৰ সভাপতি গোকুল চন্দ্ৰ ডেকা আৰু শিক্ষাসেৱী ধীৰেন্দ্ৰ মল্ল বুজৰবৰুৱাই একোগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ পিছত সাংবাদিক তথা শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানে পৰিচালনা কৰা উদ্বোধনী অনুস্থানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ , সাংবাদিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ভাষনত কয় , সাংবাদিক মজিবুৰ ৰহমান মানৱতাৰ পূজাৰী । মানুহক যিয়ে পূজা কৰিব শিকিছে তেওঁলোক সকলোৰে উৰ্ধত । সেয়েহে মানুহৰ পৃথিবীত মানুহৰ কাম কৰিবলৈ অহা সকলক সকলোৱে সহযোগ কৰা উচিত আৰু সেইবাবেই উজ্জীৱন বেংকে সেয়া কৰি দেখুৱাইছে বুলি ভাষনত মত ব্যক্ত কৰে বিশিষ্ট নাট্যকাৰ গৰাকীয়ে ।

অনুস্থানটো শুভাৰম্ভণি কৰি দিয়া ভাষণত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃষ্ণ চন্দ্ৰ গৌড়ে কয়- মানুহৰ পৃথিবীত এতিয়া অমানুহৰ সংখ্যা বাঢ়িছে । তেনে সময়তো নিজৰ সৰ্বোচ্চ ত্যাগ কৰি অকলেই মানবতাৰ যুদ্ধখনত সেনাপতিৰ ভূমিকা গ্ৰহণ কৰি আহিছে সাংবাদিক মজিবুৰ ৰহমানে । সাংবাদিক ৰহমানৰ এনে প্ৰচেষ্টাক তেওঁ ধন্যবাদ জনোৱাৰ লগতে তেওঁৰ সহধৰ্মিণী ছোনীয়া বেগমকো প্ৰশংসা কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে ।

অনুস্থানটোত সাহিত্যিক তথা নলবাৰী জিলা পেঞ্চনাৰ সন্থাৰ সভাপতি গোকুল চন্দ্ৰ ডেকা , উজ্জীৱন বেংকৰ বিষয় ববীয়া হিমাংশু পাটগিৰি , নলবাৰী শাখাৰ বিষয় ববীয়া চম্পক তালুকদাৰকে ধৰি বিভিন্নজনে ভাষণ ৰাখি উজ্জীৱন বেংকৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে সাংবাদিক মজিবুৰ ৰহমানক প্ৰশংসাৰে উপচাই দিয়ে সকলোৱে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in