শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে’ দিৱসৰ আয়োজন 

44

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ উদ্যোগত অহা ১ মে’ত প্ৰতাপ নাৰায়ণ চৌধুৰী টাউন মজলীয়া বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ২৭তম বাৰ্ষিক অধিবেশন আৰু মে’ দিৱসৰ আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯বজাত সন্থাৰ পতাকা উত্তোলন, ১০বজাত বিষয় বাচনি সভা, ১১বজাত সাধাৰণ সভা অনুষ্ঠিত হব ।

উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে ধমধমা উন্নয়ন সমিতিৰ সম্পাদক দ্বীপেন শৰ্মা অাৰু নিমন্ত্ৰিত অতিতি হিচাপে বিজেপি কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি ধনেশ্বৰ ডেকা উপস্থিত থাকিব । উক্ত মে’ দিৱসৰ কাৰ্যসূচীত সকলো শ্ৰমিককে উপস্থিত থাকিবলৈ আহ্বান জনাই নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ সভাপতি লাৱন্য কলিতাই।

আনহাতে পশ্চিম নলবাৰী অঞ্চলৰ নলিছাতো অহা পহিলা মে’ দিনাৰ আন্তৰ্জাতিক মে’ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। নলিছা এল পি স্কুলত আয়োজন কৰা উদযাপন উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বিশিষ্ট সমাজকৰ্মী লক্ষী পাটোৱাৰী, ৯. ১৫ বজাত ছহিদ বেদীত মাল্যাৰ্পন কৰিব গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তা অজিত বৰ্মণে। ইপিনে দুপৰীয়া ১ বজাত স্থানীয় সমাজকৰ্মী বিজয় তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হব লগা  মুকলি সভাত শ্ৰমিক নেতা প্ৰফুল্ল বৰ্মণ, ‘চিটু’ৰ নেতা চান্দ মহম্মদ আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰিব বুলি উদ্যোক্তা দিলীপ ডেকাই জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি