৭৩ স্বাধীনতা দিৱস উপলক্ষে ঘগ্ৰাপাৰত স্বচ্ছ অভিযান…

৭৩ স্বাধীনতা দিৱস উপলক্ষে  ঘগ্ৰাপাৰত স্বচ্ছ অভিযান…


ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ আসন্ন ৭৩ তম স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ উদোগত আৰু নলবাৰী জিলা পানী আৰু অনাময় সমিতি নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগ নলবাৰী সংমন্ডল নলবাৰী আৰু বেচৰকাৰী সংস্থা গ্ৰাম্য স্ব-নিয়োজিত পৰিষদ (ঘগ্ৰাপাৰ) সহযোগত আজি ঘগ্ৰাপাৰ চ'কত চাফাই অভিযান কাৰ্য্যসূচী ৰূপায়িত কৰে৷

উক্ত কাৰ্য্যসূচী মুকলি কৰি নলবাৰী জনস্থাস্থ‍্য কাৰিকৰী বিভাগ নলবাৰী সংমন্ডল নলবাৰীৰ কনিষ্ঠ অভিযন্তা ৰামদেৱ মহন্তই ভাষণত কয় যে দেশখনৰ সকলো ঠাই চাফ চিকুণ কৰি ৰাখি ভাৰতবৰ্ষক প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰ পথ দেখুওৱা মহামানৱ মহাত্ম গান্ধীৰ স্বচ্ছতাৰ যি সপোন তাক পুনৰ কৰাৰ বাবে নলবাৰী জিলা প্ৰশাসন আৰু নলবাৰী জনস্থাস্থ‍্য কাৰিকৰী বিভাগ নলবাৰী সংমন্ডল নলবাৰীৰ মুল লক্ষ্য বুলি সদৰী কৰে।

ইয়াৰ পিছতে বেচৰকাৰী সংস্থাটোৰ সভাপতি চত্তা আলীসহ কাৰ্য্যকতা আৰু নলবাৰী জিলা জনস্থাস্থ‍্য কাৰিকৰী বিভাগ নলবাৰী সংমন্ডল নলবাৰীৰ কনিষ্ঠ অভিযন্তা ৰামদেৱ মহন্ত,খন্ড সমল সমন্বয়ক শৈলেন বল্লভ শৰ্মা,আদিৰ সহযোগত উত্তৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচন পথ,গধুলি বজাৰ চৌহদ,হাইৱে চক আদিৰ লেতেৰা সামগ্ৰী জাৱৰ-জোঁথৰ আঁতৰাই পৰিস্কাৰ-পৰিচ্ছন্ন কৰি তোলে।

ইফালে প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিচন(গ্ৰামীন)ৰ অন্তৰ্ভূক্ত উক্ত কাৰ্য্যসূচীত ১১ নং দেহাৰকুছিতো ৰূপায়ন হয়। দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা, মান্'সীৰ কাৰ্য্যকৰী সভাপতি ফণীনাথ লহকৰ, জিলা পানী আৰু অনাময় সমিতিৰ ক্লাচটাৰ ৰিচোৰ্জ কো-অৰ্ডিনেটৰ শৈলেন বল্লভ শৰ্মা, স্থানীয় সমাজসেৱী হৰকান্ত লহকৰ, নৃপেন লহকৰ, নিবাৰণ কলিতা, দ্বীজেন লহকৰ, ভবেশ পাটোৱাৰী ,মানসীৰ কৰ্মকৰ্তাসকলৰ লগতে ৰাইজৰ সহযোগত দেহাৰকুছি গাঁওপঞ্চায়তৰ চৌহদত,দেহাৰকুছি চক আদিত চাফাই অভিযান চলায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in