নলবাৰীৰ ড° সূৰ্যকুমাৰ ভূঞা একাডেমী জুনিয়ৰ কলেজৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন

নলবাৰীৰ  ড° সূৰ্যকুমাৰ ভূঞা একাডেমী জুনিয়ৰ কলেজৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ড° সূৰ্যকুমাৰ ভূঞা একাডেমী জুনিয়ৰ কলেজৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ সামৰণি পৰিল। ১৪ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসুচীৰে আয়োজিত বাৰ্ষিক সমাৰোহৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ যোগেদি সামৰণি পৰে। এই উপলক্ষে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ শৰৎ কলিতাই সভাপতিত্ব কৰা মুকলি সভাৰ আঁত ধৰে শিক্ষাব্ৰতী খলিলুৰ ৰহমানে।

শিক্ষানুষ্ঠানখনৰ সঞ্চালক সমীন দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ, নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, ভাষা জননীৰ সেৱা কৰি যি বিদ্যালয়ে কাম কৰি আছে তেওঁলোকক উৎসাহ জন্মাব লাগে।ইংৰাজী ভাষাৰ আগ্ৰাসনৰ লগে লগে একাংশ বিদ্যালয়ে অসমীয়া ভাষাক উপেক্ষা কৰা বুলিও কথাশিল্পী গৰাকীয়ে ভাষনত প্ৰকাশ কৰে। তেওঁ নলবাৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ বেনাৰ লগাবলৈ আহ্বান জনাই যেতিয়ালৈকে কাৰ্যক্ষেত্ৰত পৰিণত নকৰে তেতিয়ালৈকে সাহিত্য সভাই বহি নাথাকে বুলি মন্তব্য কৰে।

তেওঁ ভাষণৰ মাজতে চৰকাৰী কাৰ্যালয় সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ হ'ব লাগে বুলি মত ব্যক্ত কৰি এইক্ষেত্ৰত জিলা উপায়ুক্তক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত ওলাক্ৰেজীৰ শিল্পীসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in