ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষামূলক প্ৰদৰ্শনীত উজ্বলিল নলবাৰীৰ হৰ্ষিতা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষামূলক প্ৰদৰ্শনীত উজ্বলিল নলবাৰীৰ হৰ্ষিতা

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক শিক্ষামূলক আৰ্হি প্ৰদৰ্শনীত নলবাৰীৰ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মহাৰাষ্ট্ৰৰ কলহাপুৰত অলপতে অনুষ্ঠিত স্বাধীনতাৰ পিচৰ সত্তৰ বছৰৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সন্দৰ্ভত আৰ্হি প্ৰস্তুত আৰু প্ৰদৰ্শনৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷

উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি নলবাৰী জৱহাৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী হৰ্ষিতা বৰ্মনে সত্তৰ বছৰীয়া শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন বিশেষকৈ জৱহাৰ নৱোদয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক প্ৰধান বিষয়বস্তু হিচাবে প্ৰস্তুত কৰা আৰ্হিৰে অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷

প্ৰতিযোগিতাখনত বিচাৰক হিচাবে উপস্থিত আছিল শিৱাজী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী বঁটা প্ৰাপ্ত বিজ্ঞানী ড০ শ্ৰীৰাম ভোজে৷ উল্লেখ্য যে বৌদ্ধিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা হৰ্ষিতা বৰ্মন নলবাৰী চহৰৰ বিদ্যাপুৰ নিৱাসী যুৱ ব্যৱসায়ী ৰতন বৰ্মন আৰু জৱহাৰ নৱোদয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জু কুমাৰী ৰয়ৰ জ্যেষ্ঠা কন্যা৷ ছাত্ৰী গৰাকীয়ে নলবাৰীলৈ সুনাম কঢ়িয়াই অনা বাবে জিলাখনৰ বৌদ্ধিক মহলে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in