নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত ৭০টা ক্লাৱক খেলৰ সামগ্ৰী বিতৰণ…

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত ৭০টা ক্লাৱক খেলৰ সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, নলবাৰীঃ 'ক্ৰীড়া হ'ল মানুহৰ মানসিক উৎকৰ্ষ সাধনৰ সৰ্বোৎকৃষ্ট উপায়'- এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা ক্ৰীড়া সংগঠক ধ্ৰুৱজ্যোতি শৰ্মাৰ। শনিবাৰে ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি অশোক শৰ্মাৰ ব্যক্তিগত প্ৰয়াসত ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি ধ্ৰুৱজ্যোতি শৰ্মাই ভাষণত বিধায়ক অশোক শৰ্মাই ক্ৰীড়াৰ মাজেৰে যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ বিনম্ৰ প্ৰয়াসৰ শলাগ লয়।

আনহাতে, বিধায়ক অশোক শৰ্মাৰ একক প্ৰচেষ্টাত বিগত চাৰি বছৰত নলবাৰী সমষ্টিত ক্ৰীড়াৰ ক্ষেত্ৰত হোৱা উন্নয়ণৰ শলাগ লয়। সভাত বিশিষ্ট ক্ৰীড়া সংগঠক হেমেন্দ্ৰ মহন্তই ভাষণত কয় যে, বিধায়ক অশোক শৰ্মাৰ উদ্যোগত নলবাৰীত ইতিমধ্যে ৰাজ্যিক তথা জিলা পৰ্যায়ত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হৈছে।এনে কাৰ্যৰ শলাগ লৈ ভৱিষ্যতেও অনুৰূপ প্ৰচেষ্টা হাতত লবলৈ বিধায়ক গৰাকীক আহ্বান জনায়

এই উপলক্ষে বৰসৰকুছিৰ দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট ক্ৰীড়া সংগঠক ৰাতুল গোস্বামীয়ে।সভাত বিধায়ক অশোক শৰ্মাই নলবাৰী সমষ্টিৰ অন্তৰ্গত প্ৰায় ৭০ টা ক্লাৱক ফুটবল, ভলীবল, নেট, জাৰ্চি আৰু কেৰম বিতৰণ কৰে। ইপিনে বিধায়ক গৰাকীয়ে ভাষণৰ মাজতে অহা জানুৱাৰী মাহত এখন ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি ঘোষণা কৰে।

সৰিয়হতলীৰ জিলা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হবলগীয়া উক্ত বৃহৎ প্ৰতিযোগিতাখনত নলবাৰী সমষ্টিৰ অন্তৰ্গত ১৯০ খন গাঁৱৰ দলে অংশ লব বুলি জানিবলৈ দিয়ে।ইয়াৰে বিজয়ী দলক তিনি লাখ টকাৰ প্ৰাইজমানি আৰু বিজিত দলক দুই লাখ টকাৰ প্ৰাইজমানি দিয়া হব বুলি ঘোষণা কৰে। সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই ভাষণ প্ৰদান কৰে।

শনিবাৰৰ এই সভাত নলবাৰী সমষ্টিৰ প্ৰায় ৭০ টা ক্লাৱৰ প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও বিশিষ্ট ক্ৰীড়া সংগঠক মতিৰ আলী,কল্যাণ বৰ্মন,জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণু জ্যোতি কলিতা,ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস,দেৱজিত ডেকা,বিশ্বজিৎ বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in