নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ অনুষ্ঠান, ভৱপ্ৰসাদ চলিহা-ড° মালিনী গোস্বামী-অৰূপা পটংগীয়াসহ ৯ গৰাকীক বঁটা প্ৰদান

নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ অনুষ্ঠান, ভৱপ্ৰসাদ চলিহা-ড° মালিনী গোস্বামী-অৰূপা পটংগীয়াসহ ৯ গৰাকীক বঁটা প্ৰদান

ডিজিটেল সংবাদ, নলবাৰীঃ 'বঁটা বাহনে এগৰাকী ব্যক্তিৰ মানসিক দিগন্ত প্ৰসাৰিত কৰে। ব্যক্তিক মহীয়ান কৰে এই বঁটাই।'- এই মন্তব্য কথাশিল্পী, সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। নলবাৰী নাট্য মন্দিৰত দেওবাৰে অনুষ্ঠিত নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত ড° ভট্টাচাৰ্যই এইদৰে কয়। তেওঁ কয় যে, বঁটা প্ৰাপকে নতুন জীৱন লাভ কৰে। এয়া মৰমৰ চিন। মৰমে জীৱনক নতুনকৈ ভাল পাবলৈ শিকায়। বঁটা প্ৰাপকসকলক কাইলৈৰ পৰা নতুন সৃষ্টি কৰ্মত আত্মনিয়োগ কৰিবলৈও ড° ভট্টাচাৰ্যই আহ্বান জনায়।

অসমৰ সাহিত্য-সংস্কৃতি তথা শিক্ষা-সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা নলবাৰীৰ ৯ গৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিত নলবাৰী জিলা সাহিত্য সভাই প্ৰৱৰ্তন কৰা ৯ টা বঁটা শনিবাৰে বিভিন্ন ক্ষেত্ৰৰ ৯ গৰাকী ব্যক্তিক প্ৰদান কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শৰৎ চন্দ্ৰ গোস্বামী স্মৃতি সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয় শংকৰী সাহিত্য-সংস্কৃতিৰ গৱেষক ভৱ প্ৰসাদ চলিহাক।

সেইদৰে ত্ৰৈলোক্য নাথ গোস্বামী স্মৃতি কথা সাহিত্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাক। মহামহোপধ্যায় ধীৰেশ্বৰাচাৰ্য স্মৃতি নৱদ্বীপ বঁটা প্ৰদান কৰা হয় অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মালিনী গোস্বামীক। ধনেশ্বৰ ডেকা স্মৃতি ৰঘুনাথ চৌধাৰী বিহগী বঁটা অনুপমা বসুমতাৰীক, কবি জমিৰুদ্দিন আহমেদ স্মৃতি বঁটা অনুভৱ তুলসীক, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মৃতি সমাজ হিতৈষী বঁটা গণেশ তামুলীক, মঞ্চসূৰ্য ধৰণী বৰ্মন স্মৃতি নাট্য সংস্কৃতি বঁটা ভবেশ বৰুৱাক, উমাকান্ত-কনক চন্দ্ৰ গোস্বামী আদৰ্শ শিক্ষক বঁটা অক্ষয় কুমাৰ মিশ্ৰক আৰু নবীন তামুলী স্মৃতি নবীন গল্পকাৰ বঁটা আকাশ দীপ্ত ঠাকুৰক প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, জাপি,মানপত্ৰ, চেলেং, আৰু নগদ ধন।

উল্লেখযোগ্য যে, ভৱপ্ৰসাদ চলিহা আৰু ভবেশ বৰুৱাৰ হৈ তেওঁলোকৰ প্ৰতিনিধিয়ে বঁটা গ্ৰহণ কৰে। জিলা সাহিত্য সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা বিশেষ বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি ড° হেমন্ত কুমাৰ বৰুৱাই। উদ্বোধনী ভাষণত তেওঁ কয় যে, অসমীয়া ভাষাৰ ক্ষেত্ৰত ক্ৰমশঃ আমি নিজেই দুৰ্বল হৈ গৈ আছো। অসমীয়া চৰকাৰী কৰ্মচাৰীসকলেই কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ নকৰে বুলিও তেওঁ আক্ষেপ কৰে।

পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ চন্দ্ৰ ডেকায়ো অনুষ্ঠানত ভাষণ দিয়ে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ড° মালিনী গোস্বামীয়ে আনন্দৰাম বৰুৱা আৰু মহামহোপধ্যায় ধীৰেশ্বৰাচাৰ্যক সমপৰ্যায়ৰ পণ্ডিত বুলি অভিহিত কৰে। অসমীয়া মানুহে পাহৰি যাবলৈ ধৰা বিদগ্ধ পণ্ডিত অসম সন্তান ধীৰেশ্বৰাচাৰ্যক মনত পেলোৱা বাবে তেওঁ সকলোকে ধন্যবাদ জনায়।

অৰূপা পটংগীয়া কলিতাই বঁটা গ্ৰহণ কৰি দিয়া ভাষণত কয় যে, লেখা মেলা কৰাটোৱে তেওঁৰ সংগ্ৰাম। জাতিধ্বংসী শক্তিক প্ৰতিহত কৰি আমি জাতিক জীয়াই ৰাখিব লাগিব বুলিও তেওঁ কয়। ইপিনে সভাপতিৰ আসনৰ পৰা ডাঃ বিপিন চন্দ্ৰ কলিতাই দেওবাৰৰ বিশেষ অনুষ্ঠানটোত ৰাইজৰ নগন্য উপস্থিতি দেখি দুখ আৰু আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত অনুভৱ তুলসীয়ে ড° মামণি ৰয়ছম গোস্বামীক লৈ লিখা এটা কবিতা পাঠ কৰাৰ লগতে অনুপমা বসুমতাৰীয়ে 'কবিতা বিচাৰি ফুৰোতে' আৰু জনপ্ৰিয় কবি প্ৰনব কুমাৰ বৰ্মনে 'সাতজন চিপাহী মৰিছে সাতজন উগ্ৰপন্থী' নামৰ কবিতা পাঠ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in