নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ প্ৰতিনিধি সভা সম্পন্ন, জিলা কাৰ্যনিৰ্বাহকৰ তিনিমাহ কাৰ্যকাল বৃদ্ধি…

নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ প্ৰতিনিধি সভা সম্পন্ন, জিলা কাৰ্যনিৰ্বাহকৰ তিনিমাহ কাৰ্যকাল বৃদ্ধি…

ডিজিটেল সংবাদ, টিহুঃ সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ বাবে নলবাৰী জিলাৰ প্ৰায়ভাগ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত জিলা অধিৱেশনখন তিনিমাহ পিছুৱাই দিয়া হৈছে । লগতে জিলা কাৰ্যনিৰ্বাহক সমিতিৰ ৩১ জানুৱাৰীলৈ থকা কাৰ্যকালৰ সময়সীমা তিনিমাহ বৃদ্ধি কৰি এপ্ৰিললৈ নিয়াৰ বাবে প্ৰস্তাৱ অনুমোদন জনোৱা হৈছে ।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডা বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত ১ জানুৱাৰীত ৰাজেন্দ্ৰ চৌধুৰী ভৱনত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অনুমোদন জনোৱা হয় । জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা বিশেষ প্ৰতিনিধি সভাখনত ২৫ ডিচেম্বৰৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত লোৱা প্ৰস্তাৱসমূহ পাঠ কৰা হয় । প্ৰস্তাৱমৰ্মে নলবাৰী জিলা সাহিত্য সভাৰ ৪০ খন শাখাৰ যিসমূহ শাখা সভাই অধিৱেশন অনুষ্ঠিত কৰা নাই ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

জিলা সাহিত্য সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা , পত্ৰিকা সম্পাদক শ্বাহ আলম আহমেদ , সহকাৰী সম্পাদক পংকজ বেজবৰুৱা , প্ৰদীপ কুমাৰ বৰ্মন উপস্থিত থকা বিশেষ প্ৰতিনিধি সভাখনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভ্য গোবিন্দ কলিতাই অসম সাহিত্য সভাৰ সাংগঠনিক দিশৰ বিষয়ে ভাষণ দিয়ে । সভাত সেউজী সাহিত্য সভা , আৰ্য সাহিত্য সভা , লখিমী সভা , পাগলাদিয়া শাখা সভা , নলবাৰী সাহিত্য সমাজ , প্ৰভাতী শাখা , গুৱাকুছি আঞ্চলিক শাখা সাহিত্য সভা ,জলখানা-ভঠুৱাখানা শাখা , ৰাজকদমতল শাখা , ৰদালি শাখা , টিহু শাখা , মাখিবাহা শাখা, বানেকুছি শাখা, চামতা আঞ্চলিক শাখা , শিলগোসাঁনী শাখা আদিৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ মত ব্যক্ত কৰে ।

জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি কেশৱ ডেকা, সাহিত্যসেৱী নিৰঞ্জন গোস্বামী , ৰমেশ চন্দ্ৰ শৰ্মা আৰু প্ৰিয় নাথ ডেকায়ো ভাষণ দিয়ে । এই বিশেষ প্ৰতিনিধি সভাতে নাগৰিকত্ব সংশোধনী আইনৰ সম্পূৰ্ণ বিৰোধিতা কৰি গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰতিনিধি সভাৰ পূৰ্বে পুৱা ১১ বজাৰপৰা ১২ বজালৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি মৌন অৱস্থান কৰা হয় । প্ৰতিবাদী মৌন অৱস্থান কাৰ্যসূচীত সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টচাৰ্যৰ উপৰি জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সাহিত্যকৰ্মীসকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in