নলবাৰী ৰাসৰ মঞ্চত তিনিখন গ্ৰন্থ উন্মোচন…

নলবাৰী ৰাসৰ মঞ্চত তিনিখন গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত দেওবাৰে নিশা তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। উদীয়মান লেখক প্ৰিয়ংকুনাৰায়ণ বৰুৱাৰ নতুন চিন্তাধাৰাৰে পুষ্ট তথ্যসমৃদ্ধ গ্ৰন্থ "বিচাৰধাৰাৰ সংঘাত আৰু প্ৰত্যাশা', পাৰ্থপ্ৰতিম লহকৰৰ "সাৱৰকৰ' আৰু অজিত ৰাজবংশী সম্পাদিত 'অণুগল্প২০২১' নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰা হয়।

"বিচাৰধাৰাৰ সংঘাত আৰু প্ৰত্যাশা"শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। "সাৱৰকৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। "অণুগল্প ২০২১" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in