শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা

51

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে নলবাৰী লেখিকা সমাজৰ উদ্যোগত লিটিল ফ্লাৱাৰ্ছ স্কুলত এখন স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। আবেলি অনুষ্ঠিত সভাৰ আদিতে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী বিমলা দেৱীয়ে আৰু মাল্যাৰ্পন কৰে লেখিকা সমাজ উপদেষ্টা ৰেণুকা শৰ্মাই।

ইয়াৰ পিচতে লেখিকা অনুপমা দেৱীৰ সভাপতিত্বত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখন সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী বিভা বুজৰবৰুৱাই উদ্বোধন কৰে। সভাত ড° লীনা ডেকা আৰু ড° দীনমণি ভাগৱতীয়ে ভাষণত প্ৰয়াত ৰমেশ শৰ্মাৰ জীৱন আৰু কৃতি সন্দৰ্ভত ব্যাখ্যা কৰে। উক্ত সভাতে বিমলা দেৱীৰ ‘সাধুৰ সঁফুৰা’ নামৰ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি