বিল্বেশ্বৰত নহ’ল ৰাজহুৱা বলিঃ নলবাৰীৰ ভিন্ন প্ৰান্তত উখল-মাখল পৰিবেশ…

বিল্বেশ্বৰত নহ’ল ৰাজহুৱা বলিঃ নলবাৰীৰ ভিন্ন প্ৰান্তত উখল-মাখল পৰিবেশ…

ডিজিটেল সংবাদ নলবাৰীঃ শাৰদীয় দুৰ্গা পূজাৰ মহানৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ। নলবাৰীতো ইয়াৰ ব্যতিক্ৰম নহয়। নলবাৰী চহৰত ৬ খন ৰাজহুৱা পূজা চলি আছে। তদুপৰি নিকটৱৰ্তী বালিলেছা কালী মন্দিৰ প্ৰাংগন, বৰকুৰা, চান্দকুছি,যজ্ঞভূমি চ'ক,বগলচৰোড চ'ক, বৰবৰী আদিৰ লগতে বেলশৰৰ প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত চলিছে দুৰ্গা পূজা। এইবাৰ অৱশ্যে বিল্বেশ্বৰত ৰাজহুৱা বলি অনুষ্ঠিত নহ'ল। মহানৱমীৰ দিনা নলবাৰী চহৰৰ আটাইতকৈ পুৰণি শ্ৰী শ্ৰী হৰিমন্দিৰৰ পূজাত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ দেখা গৈছে।

ভক্তসকলে নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ বাবে দেৱীৰ আশিস গ্ৰহণ কৰে। পূজাথলীত নিশাৰ সন্ধিয়াৰ ভাগত নাগাৰা নাম অনুষ্ঠিত হৈছে। বুধবাৰে নিশা কেন্দুকুছিৰ হেমন্ত শৰ্মা আৰু সংগীসকলে নাম পৰিবেশন কৰে। নাগাৰা নাম উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মাই। উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথ উপস্থিত থাকে। বৃহস্পতিবাৰেও নিশা অনুষ্ঠিত হ'ব নাগাৰা নাম। পৰিবেশন কৰিব নয়াবস্তিৰ নিৰ্মালী কলিতাই।

পূজা পৰিচালনা সমিতিৰ সম্পাদক পংকজ বৰ্মনে জানিবলৈ দিয়ামতে পূজা উদযাপনত যথাসম্ভৱ ক'ভিড নীতি পালন কৰা হৈছে। চহৰৰ ফৰেষ্ট অফিচৰ ওচৰত অনুষ্ঠিত দুৰ্গা পূজাত মহানৱমী উপলক্ষে ভক্তৰ ভিৰ লক্ষণীয় হৈ পৰিছে। পূজাথলীৰ সম্মুখতে এটা চেলফি পইন্ট সাজি দিয়াত চেলফি ল'বলৈ হেতা ওপৰা অৱস্থা হৈছে ভক্তসকলৰ। সেইদৰে নলবাৰী কলেজ চ'ক, গোপালবজাৰ, চ'কবজাৰ পাণ্ডাৰথান আৰু নলবাৰী গনেশ মন্দিৰ চ'কৰ পূজাতো ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে।

ইফালে শাৰদীয় দুৰ্গা পূজাৰ মহানৱমীত এইবাৰ নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত পূৰ্বৰ দৰে নহ'ল ভক্তই আগবঢ়োৱা ম'হ বলি । লোক বিশ্বাস অনুসৰি এই দেৱালয়ত ম'হ বলি দিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় । সেয়েহে প্ৰতিবছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই দেৱীৰ চৰণত আগবঢ়াই আহিছে ম'হ বলি। কিন্তু এইবাৰ কোৰোনা মহামাৰীৰ বাবে নহ'ল ৰাজহুৱা বলি।

ইয়াৰ বিপৰীতে দেৱালয় কৰ্তৃপক্ষৰ পৰা সকলোৰে মংগলাৰ্থে আৰু কোৰোনা মহামাৰী নিৰ্মূলৰ কামনাৰে এটা ম'হ, এটা ছাগলী, এযোৰ পাৰ, হাঁহ, কোমোৰা বলি দিয়া হয় । আনহাতে বলিৰ পৰিবৰ্তে ভক্তই আগবঢ়োৱা ম'হ উচৰ্গা কৰা হয়। তদুপৰি পূজাৰ প্ৰতিটো দিনতে অতি প্ৰাচীন এই দেৱালয়ত অসংখ্য ভক্তৰ সমাহাৰ ঘটে যদিও এইবাৰ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিহে ভক্ত দৰ্শনাৰ্থীয়ে পূজাত সোমাৱাৰ ব্যৱস্থা কৰিছে পূজা সমিতিয়ে । এক প্ৰকাৰ মিলন তীৰ্থত পৰিণত হ'ল কামখ্যাৰ পিচতে দ্বিতীয়খন শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in