শাস্ত্ৰীয় সংগীতৰ শিল্পী প্ৰফুল্ল কলিতাৰ দেহাৱসান, নলবাৰীত শোকৰ ছাঁ…

শাস্ত্ৰীয় সংগীতৰ শিল্পী প্ৰফুল্ল কলিতাৰ দেহাৱসান, নলবাৰীত শোকৰ ছাঁ…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী শান্তিপুৰৰ বিশিষ্ট নাগৰিক, শাস্ত্ৰীয় সংগীতৰ পুৰোধা, শিল্পী পেঞ্চনাৰ প্ৰফুল্ল কলিতা( ৭৭ )ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে। যোৱা ৯ মে'ত নলবাৰী চহৰত এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা কলিতাই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে।

সোমবাৰে তেওঁৰ নশ্বৰদেহ নলবাৰী আৰ্ট স্কুললৈ অনা হয়। তাতেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু ব্যক্তিয়ে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পিচত বহু গুণমুগ্ধৰ উপস্থিতিত ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

উল্লেখনীয় যে ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ তাৰকা শিল্পী হৰিপ্ৰসাদ চৌৰাচিয়া,পণ্ডিত পৰিমল চক্ৰৱৰ্তী, ওস্তাদ আলী আকবৰ খা,ওস্তাদ আল্লা ৰাখা,পাৰবিন চুলতানা,বিৰজু মহাৰাজ আদিৰ সান্নিধ্য লাভ কৰা প্ৰফুল্ল কলিতা আছিল প্ৰচাৰবিমুখ শিল্পী।মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, তিনিগৰাকী কন্যা আৰু বহু আত্মীয়ক ইহ সংসাৰত এৰি যায়‌ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in