নলবাৰীত বৃহৎ পৰিমাণৰ সুৰা জব্দ, আটক এজন

নলবাৰীত বৃহৎ পৰিমাণৰ সুৰা জব্দ, আটক এজন

ডিজিটেল সংবাদ, নলবাৰীঃ চাৰিওফালে নিৰ্বাচনী ধামখুমীয়া চলি থকাৰ সময়তো নলবাৰী জিলাৰ আৰক্ষী প্ৰশাসনে অবৈধ ড্ৰাগছ, সুৰা আদি প্ৰচলনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

সোমবাৰে মাজ নিশা বেলশৰ আৰক্ষীয়ে পশ্চিম নলবাৰীৰ বগুৰিহাটীত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে এজন লোকক গড়ীসহ আটক কৰে। ধৃত লোকজন বেলশৰৰ গগন ভড়ালী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে। পিছত লোকজনক আৰক্ষীয়ে আবকাৰী বিভাগক গতাই দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in