অসম যুৱ অলিম্পিক: টাং চু-ডু প্ৰতিযোগিতাত ২ টাকৈ ব্ৰঞ্জৰপদকেৰে নলবাৰী লৈ সুনাম

অসম যুৱ অলিম্পিক: টাং চু-ডু প্ৰতিযোগিতাত ২ টাকৈ ব্ৰঞ্জৰপদকেৰে নলবাৰী লৈ সুনাম

ডিজিটেল ডেস্ক: অসম অলিম্পিক সন্থাই আয়োজন কৰা অসম যুৱ অলিম্পিকত টাং চু-ডু ইভেণ্টত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি নলবাৰীলৈ সুনাম কঢ়িয়াই আনে দুই খেলুৱৈয়ে।

নলবাৰীৰ পৰা মুঠ আঠজন খেলুৱৈ অংশগ্ৰহন কৰিছিল এই প্ৰতিযোগিতাত। তাৰে দুজন খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰাৱান্বিত কৰে নলবাৰীবাসীক।

পদক লাভ কৰা দুই খেলুৱৈ ক্ৰমে- কৃষ্ণা বড়ো -৪৪ কেজি শাখাত আৰু ৫৪+ কেজ শাখাত সঞ্জিমা মহিলাৰীয়ে। বুধবাৰে এই দলটো নলবাৰী ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পিছতেই নলবাৰী জিলা টাং চু ডু স্পোৰ্টচ এচোছিয়েশ্যনৰ সভাপতি নয়নজ্যোতি ‌তালুকদাৰ আৰু কৰ্মকৰ্তা সকলে খেলুৱৈ সকলক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বোৰ্ধনা জ্ঞাপন কৰে। লগতে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী বুবুল তালুকদাৰ আৰু কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত নলবাৰীৰ প্ৰশিক্ষক আজহাৰুল আমিন আৰু টিম মেনেজাৰ অমল শৰ্মা উপস্থিত থকাৰ লগতে তেওঁলোককো সম্বোৰ্ধনা জ্ঞাপন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in