পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়…

পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত  বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ বাঢ়নি পানীৰ লগতে ভূটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰটোৰ ভেলামাৰী, পূৱবৰশিৰাল, চটাইবাৰী, মাজৰশিৰাল, ধমধমা, ৰঙাফালি, শান্তিপুৰ, মহিনা, বালিতাৰা (১), বালিতাৰা(২), বিস্তৃপূৰ, কেহেৰুৱা, ডেকাতোলা আদিকে ধৰি প্ৰায় পোন্ধৰখন গাঁৱৰ কৃষকসমাজৰ খেতিপথাৰ, পুখুৰী, শিক্ষানুষ্ঠান, নামঘৰ, ক্লাবঘৰ, বাসগৃহ আদিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ পথ বানত বূৰ যোৱাৰ ফলত যাতায়ত-যোগাযোগ ব‍্যাহত হৈ পৰিছে।

উল্লেখ‍্য যে, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলামাৰী (চটাইবাৰীত) পাগলদিয়া নৈৰ মথাউৰি দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকাৰ ফলত প্ৰতিবছৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি অহাৰ সময়তে বুধবাৰে পূনৰ ভূটানে পানী এৰি দিয়া ফলত সংশ্লিষ্ট অঞ্চলসমুহ বানত প্লাৱিত হোৱাৰ উপৰিও খৈৰকুছি প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ বানতডুবি থকাৰ পিছতশিক্ষানুষ্ঠানখনৰ পাঠদান বন্ধ হৈ পৰে।

ইতিমধ্যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা সহ এটি সজাটি দলে উক্ত বিস্তিৰ্ণ অঞ্চল আজি সন্ধিয়া পৰলৈ পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। ইফালে পূৱবৰশিৰালত পাগলদিয়া নৈৰ গৰাখহনীয়া অব‍্যাহত থকা বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in