নলবাৰীৰ ৰঙাফালিত ৰাইফলসহ এন ডি এফ বি সদস্যক আটক

নলবাৰীৰ ৰঙাফালিত ৰাইফলসহ এন ডি এফ বি সদস্যক আটক

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ ৰঙাফালি গাঁৱত সোমবাৰে চীনত নিৰ্মিত ৰাইফলসহ এজন এন ডি এফ বি সদস্য নিৰাপত্তাৰক্ষীৰ হাতত আটক হয়। ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাফালিৰ ধৃত এন ডি এফ বি সদস্যজন হৈছে বলোৰাম বসুমতাৰী।

বলোৰামে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফালিত এজন ব্যক্তিক দিবলৈ অহাৰ খবৰ গোপন সূত্ৰে লাভ কৰে সেনা-আৰক্ষীয়ে। সেইমতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় উগ্ৰপন্থীজন।

উদ্ধাৰ হোৱা ৭.৬২ ৰাইফলটো চীনত নিৰ্মিত বুলি জানিব পৰা হৈছে। সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক ঘগ্ৰাপাৰ থানাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in