ভাতৃত্ববোধেৰে জীয়াই থাকিম হিন্দু-মুছলমানঃ বামুণতোলাত ‘ইছলাম আৰু বিশ্বভাতৃত্ববোধ’ শীৰ্ষক ধৰ্মালোচনী সভা…

ভাতৃত্ববোধেৰে জীয়াই থাকিম হিন্দু-মুছলমানঃ বামুণতোলাত ‘ইছলাম আৰু বিশ্বভাতৃত্ববোধ’ শীৰ্ষক ধৰ্মালোচনী সভা…

ডিজিটেল সংবাদ, নলবাৰীঃ ' সমাজৰ শান্তি লাগে । শান্তি অবিহনে কোনো ধৰ্মৰ কোনো মূল্য নাই । আমাৰ অসমীয়া সমাজত কোনো ধৰ্মৰ নামত ভেদা- ভেদ নাই । আমি হিন্দু- মুছলমান সকলোৱে ভাই – ভাই হিচাপে জীয়াই থাকিম ।" এই মন্তব্য নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাৰ ।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণতোলা ( খাতিকুছি )ত সোমবাৰে দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা 'ইছলাম আৰু বিশ্ব্ভাতৃত্ব' শীৰ্ষক ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হৰিমন্দিৰ সমিতিৰ সাধাৰন সম্পাদক ডেকাই বাহিৰৰ পৰা অহা কোনো শক্তিয়ে আমাৰ অসমীয়া সমাজত শান্তি- সম্প্ৰীতি ভাগিব নোৱাৰে বুলি স্পষ্ট ভাৱে মন্তব্য কৰে ।

জীয়াই থকা দিন কেইটা সমাজত মিলাপ্ৰীতি আৰু শান্তি বৰ্তা ৰখাৰ বাবে অহৰহ সংগ্ৰাম কৰি যাব বুলিও কয় প্ৰাক্তন ছাত্ৰ নেতা তথা হৰিমন্দিৰ সমিতিৰ সম্পাদক ডেকাই । বামুণতোলা মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আবেলি ৪-০০ বজাত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাখনৰ সভাপতিত্ব কৰে হজৰত মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমীয়ে ।

সভাৰ আৰম্ভনীতে আদৰণি ভাষণ দিয়ে পৰিচালনা সমিতিৰ সভাপতি খুৰছিদ আলমে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দীনমনি ভাগৱতীয়ে ধৰ্ম আৰু মানৱ সমাজত ইয়াৰ প্ৰয়োজনীয়ত আৰু প্ৰাসংগিকতা সম্পৰ্কে সুন্দৰ ভাষণ দিয়ে । নিৰ্দিষ্ট বক্তা হিচাপে আলহাজ ক্কাৰী মৌলানা শ্বেখ আব্দুল্লাহ , আমন্ত্ৰিত অতিথি হিচাপে খিলঞ্জীয়া মুছলিম পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি হাইদৰ আলী , জমিয়ত উলেমা- ই – হিন্দ নলবাৰী জিলা সমিতিৰ সম্পাদক আখতাৰ হুছেইনে , ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি ডেকাইও ধৰ্ম আৰু বিশ্বভাতৃত্বৰ ওপৰত তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উত্তৰ প্ৰদেশৰ মৌলানা আব্দুল্লাহ চেলিম কমৰ চতুৰ্বেদীয়েও বিশ্ব্ভাতৃত্বৰ ওপৰত ভাষণ দিয়ে । সভাত হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক উমেশ দাস , সমাজকৰ্মী বাবুল বসুমতাৰী , কমল বৰা , মৌলানা জিয়াউৰ ৰহমানকে ধৰি বহু লোক উপস্থিত থাকে । সভাৰ আগমুহুৰ্তত পৰিচালনা সমিতিৰ উপসভাপতি পৰশু ৰাজবংশীৰ সভাপতিত্বত বঁ‌টা বিতৰনী সভা অনুষ্ঠিত হয় ।

অৱসৰপ্ৰাপ্ত শিক্ষক চামচুল হুদা উপস্থিত থকা বটা বিতৰণী সভাত নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক শ্বাহ আলম আহমেদে ছাত্ৰ- ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰতিযোগিতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আৰম্ভনীতে পুৱা পতাকা উত্তোলন, বৃক্ষৰোপনৰ পিছতেই সমন্বয়ৰ শোভাযাত্ৰা কৰা হয় বুলি পৰিচালনা সমিতিৰ সম্পাদক আজনুৰ আলীয়ে জনাইছে ।

শোভাযাত্ৰাত অঞ্চলটোৰ হিন্দু- মুছলমান লোকসকলে অংশগ্ৰহন কৰি শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে । শোভাযাত্ৰাৰ পিছতেই ছাত্ৰ – ছাত্ৰী সকলৰ মাজত কেৰাৎ পাঠ প্ৰতিযোগিতা , জিকিৰ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in