মুনাফা লুটিছে অসাধু ব্যৱসায়ীয়ে, নলবাৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দাম

মুনাফা লুটিছে অসাধু ব্যৱসায়ীয়ে, নলবাৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দাম

ডিজিটেল সংবাদ, নলবাৰীঃ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা 'লকডাইন'ৰ প্ৰতি সামগ্ৰিকভাবে নলবাৰী জিলাৰ ৰাইজে সমৰ্থন আগবঢ়াইছে যদিও অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক। নলবাৰীৰ অধিকাংশ গেলামালৰ পাইকাৰী বিক্ৰেতাই আকস্মিকভাবে সামগ্ৰীৰ দাম পূৰ্বতকৈ বৃদ্ধি কৰাত সমস্যাত পৰিছে খুচুৰা ব্যৱসায়ীসকল। এইক্ষেত্ৰত অধিকাংশ পাইকাৰী বিক্ৰেতাই পূৰ্বে দিয়াৰ দৰে সামগ্ৰী বিক্ৰীৰ কোনো ভাওচাৰ দিয়া নাই বুলি অভিযোগত প্ৰকাশ।

পাইকাৰী হিচাপত দাম বৃদ্ধি কৰাত খুচুৰা বিক্ৰেতায়ো গ্ৰাহকৰ পৰা বৰ্ধিত দাম আদায় কৰিবলগীয়া হৈছে। নলবাৰী চহৰ অঞ্চলতে এনে অৱস্থা। গ্ৰামাঞ্চলৰ কিছুসংখ্যক দোকানত আকৌ যি মন যায় তাকেই লৈছে দাম। এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই। প্ৰাপ্ত তথ্যমতে নলবাৰীত লকডাউনৰ পূৰ্বৰ দামতকৈ এতিয়া প্ৰতি কিলোগ্ৰামত চাউলৰ ৪/৫ টকা অধিক, মচুৰ দাইলৰ ৭/৮ টকা বেছি, মগু দাইলত ১০টকা অধিক, আলুৰ ৫/৬ টকা অধিক‌,পিয়াঁজৰ ১০টকা বেছি।

মিঠাতেল প্ৰতি লিটাৰত এতিয়া১০/১২ টকা অধিক। সেইদৰে পশু খাদ্যৰ দামো যথেষ্ট বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে। আনকি পেকেটত থকা খাদ্য সামগ্ৰীৰ দামো এম আৰ পিতকৈ বেছি লোৱা আৰম্ভ কৰিছে একাংশ সুবিধাবাদী বেপাৰীয়ে। এনে অৱস্থাত অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰি অসাধু ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে বুলি নিৰুপায় হৈ পৰা সাধাৰণ গ্ৰাহকসকলে প্ৰশ্ন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in