নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ…

নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ…

ডিজিটেল সংবাদ, নলবাৰী: ফিট ইণ্ডিয়া, ফিট অসম আৰু ফিট নলবাৰীৰ সৌজন্যত নলবাৰী জিলা প্ৰশাসন আৰু গুডমৰ্নিং ক্লাৱৰ যুটীয়া উদ্যোগত, উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ ব্যৱস্থাপনাত আৰু ক্ৰীড়া বিভাগৰ সহযোগত শুকুৰবাৰে ৰাতিপুৱা ৫ বজাত নলবাৰীৰ গৰ্ডন স্কুলৰ খেলপথাৰৰ পৰা ৭ টা পৰ্যায়ত মাৰাথন দৌৰৰ আয়োজন কৰা হয়।

ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, মাজুলি, কামৰূপ, দৰং, নলবাৰী, গুৱাহাটী, মংগলদৈ আদি কেবাখনো জিলাৰ পৰা অহা খেলুৱৈয়ে এই মাৰাথন দৌৰত অংশগ্ৰহণ কৰে। ৪৫ বছৰ উৰ্ধ, ৪০ বছৰ অনুৰ্দ্ধ, ৪০ উৰ্ধ পুৰুষ-মহিলা আৰু দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত ২১ কি: মি:, ১০ কি: মি: আৰু ৩ কি: মি: দূৰত্ব লৈকে মুঠ ৭ টা পৰ্যায়ত এই মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

২১ কি: মি: পুৰুষৰ দৌৰত প্ৰথম চাহুন কয়া, মহিলাৰ প্ৰথম মাতোৱাৰা আহমেদ, ১০ কি: মি: দৌৰত পুৰুষৰ প্ৰথম ৰূপেশ্বৰ ডেকা, মহিলাৰ প্ৰথম গীতা দলে, ছাত্ৰৰ প্ৰথম পংকজ কলিতা, ছাত্ৰীৰ প্ৰথম তনুজা পাতিৰ আদি কৰি খেলসমূহৰ স্থানপ্ৰাপ্ত খেলুৱৈসকলক নগদ টকা, প্ৰমাণ পত্ৰ আৰু মেডেলেৰে পুৰস্কৃত কৰা হয়।

এই খেলসমূহ অনুষ্ঠিত কৰাত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহন বিভাগ, মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদ, নলবাৰীৰ চক্ৰ বিষয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, কৃষি বিভাগ, জিলা প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক আদি কৰি নলবাৰীৰ বিভিন্ন বিভাগ তথা বিষয়াই সহযোগীতা আগবঢ়াইছে।

শুকুৰবাৰে মাৰাথন দৌৰ পতাকা জোকাৰি শুভাৰম্ভ কৰাৰ পৰা সকলোখিনি ব্যৱস্থা কৰে জিলা উন্নয়ন আয়ুক্ত অশ্বিনী দলে আৰু নলবাৰী ক্ৰীড়া বিভাগৰ মহকুমা বিষয়া আৰু শাৰীৰিক প্ৰশিক্ষকসকলে। এই অনুষ্ঠানত গৰ্ডন স্কুলৰ অধ্যক্ষ, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, কৰ্ণেল অনিল ডিমিয়ানি, জোনালী দলে, আইজুদ্দিন আহমেদ আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । শুকুৰবাৰৰ এই কাৰ্যসূচীৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in