নলবাৰীৰ কৈহাটীত বিশিষ্ট কামৰূপীয়া ঢুলীয়া শিল্পী যোগেন দাসৰ ৰাজহুৱা স্মৃতিচাৰণ সম্পন্ন

নলবাৰীৰ কৈহাটীত বিশিষ্ট কামৰূপীয়া ঢুলীয়া শিল্পী যোগেন দাসৰ ৰাজহুৱা স্মৃতিচাৰণ সম্পন্ন

ডিজিটেল সংবাদ, টিহুঃ "অসমৰ লোক কৃষ্টিসমূহৰ অন্যতম লোক পৰিৱেশ্য কলা হ'ল কামৰূপী ঢুলীয়া কৃষ্টি। এই লোক কৃষ্টি–সংস্কৃতিৰ সাধকসকল হ'ল মাটিৰ মানুহ। একেবাৰে নিম্ন আয়ৰ, দৰিদ্ৰ পৰিয়ালৰ লোক এচামে পেটত গামোচা বান্ধি হ'লেও জীয়াই ৰাখিছে একোটা লোক কৃষ্টি।'' এই মন্তব্য বিশিষ্ট  শিল্পী উমেশ দত্তৰ। ১১ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ কৈহাটীত কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ অন্যতম সাধক শিল্পী সদ্য প্ৰয়াত যোগেন দাসৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ স্মৃতিচাৰণ সভাত ভাষণ প্ৰদান কৰি শিল্পী পেন্সন প্ৰাপক উমেশ দত্তই এনেদৰে কয়।

বৰকৈহাটীৰ হৰিমন্দিৰ প্ৰাংগণত কৈহাটীৰ কামৰূপীয়া ঢুলীয়া শিল্পী সমাজৰ উদ্যোগত, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সহযোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত বিশিষ্ট কামৰূপীয়া ঢুলীয়া শিল্পী যোগেন দাসৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ স্মৃতিচাৰণ সভাখনত পৌৰোহিত্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুণাকান্ত ভঁৰালীয়ে। স্মৃতিচাৰণ সভাত বিশিষ্ট লোক শিল্পী ঘনকান্ত বৈশ্য, লোহিত দাস, মোহখলিৰ কামৰূপীয়া ঢুলীয়া শিল্পী পেন্সন প্ৰাপক জীৱন কৈৱৰ্ত, ভয়নুৰ আলী, সাংস্কৃতিক কৰ্মী–শিক্ষক নৃপেন দত্ত, সমাজকৰ্মী ধৰণী দাস, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি অমৰজ্যোতি দাস, চামতা জিলা পৰিষদৰ সদস্য মীনাক্ষী দাস আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সম্পাদক ৰাজেন বৈশ্যই কামৰূপীয়া ঢুলীয়া কৃষ্টি আৰু বিশিষ্ট কামৰূপীয়া ঢুলীয়া শিল্পী যোগেন দাসৰ শিল্প সাধনাৰ বিষয়ে ভাষণ প্ৰদান কৰে>

এই অনুষ্ঠানৰ পূৰ্বে যোগেন দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ঢুলীয়া শিল্পী হৰিন্দ্ৰ দাসে। প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে লোক শিল্পী লোহিত দাসে। ইয়াৰ পূৰ্বে ভাগৱত পাঠ কৰে নগেন বৰ্মনে। পুৱা ৯ বজাত প্ৰয়াত শিল্পী যোগেন দাসৰ ঘৰৰ পদুলিত স্থায়ীভাৱে নিৰ্মাণ কৰা স্মৃতি বেদীত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত দাসৰ পত্নী মীনা দাসে।

মাল্যাৰ্পণ কৰে দাসৰ পুত্ৰ নয়ন দাস আৰু ডিম্বে দাসে। স্মৃতিচাৰণ সভাত অসম, উত্তৰ পূৰ্বাঞ্চল তথা দিল্লী, কলকাতা, পোৰ্টব্লেয়াৰ (আন্দামান নিকোবৰ)ত কামৰূপীয়া ঢুলীয়াৰ অনুষ্ঠান পৰিৱেশন কৰি প্ৰশংসা লাভ কৰা দুখীয়া কামৰূপীয়া ঢুলীয়া শিল্পী যোগেন দাসক মৰণোত্তৰভাৱে হ'লেও শিল্পী পেন্সন প্ৰদান আৰু কৈহাটীৰ দৰিদ্ৰ, ৰূগ্ন, বৰ্ষীয়ান শিল্পীসকলক শিল্পী পেন্সন প্ৰদান, সকলো কামৰূপীয়া ঢুলীয়া শিল্পীৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in