সাংবাদিক নিপজ্যোতি মেধিলৈ সমাজৰত্ন বঁটা

সাংবাদিক নিপজ্যোতি মেধিলৈ সমাজৰত্ন বঁটা

ডিজিটেল সংবাদ, টিহুঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক তথা ডেৰকুৰিখনতকৈও অধিক গ্ৰন্থৰ লেখক, নলবাৰী কাজিপাৰা নিৱাসী নিপজ্যোতি মেধিলৈ আগশাৰীৰ সাহিত্যানুষ্ঠান 'সৃষ্টিৰ পদাতিক'–এ সমাজৰত্ন বঁটা, ২০২০ৰ বাবে বাচনি কৰিছে। দীৰ্ঘদিন ধৰি নিষ্ঠা আৰু সাহসিকতাৰে সংবাদ সেৱাৰ জৰিয়তে সমাজসেৱা কৰি অহাৰ লগতে বিভিন্ন সমাজহিতকৰ কাৰ্যত জড়িত হোৱা বাবে তেওঁক বাচনি কৰা বুলি উদ্যোক্তাসকলে জনাইছে।

১৯৮৫ চনত টিহুৰ ওচৰৰ শিয়ালমাৰি গাঁৱত জন্ম হোৱা নিপজ্যোতি মেধিয়ে সৰুকালৰে পৰা পিতৃৰ আদৰ্শ অনুসৰণ কৰি সমাজসেৱা কৰি আহিছে। নিপজ্যোতি সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ প্ৰাক্তন সভাপতি ৰোহিনী মেধি আৰু শিক্ষয়িত্ৰী গিৰিজা মেধিৰ জ্যেষ্ঠ পুত্ৰ। বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি নিষ্ঠা আৰু সাহসিকতাৰে সুদীৰ্ঘ পোন্ধৰ বছৰে ইংৰাজী, বড়ো, অসমীয়া ভাষাৰ কেবাখনো কাকতত তেওঁ সংবাদ পৰিৱেশন কৰি আহিছে।

সংশ্লিষ্ট কৰ্তৃপক্ষই ফেব্ৰুৱাৰী মাহত তেওঁক গুৱাহাটীত এই বঁটা প্ৰদান কৰিব। সংবাদিকগৰাকী এই বঁটাৰ বাবে বাচনি হোৱাত অসম ৰাজ্যিক সাংবাদিক সন্থা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু সাহিত্য সভা, নৱ নিৰ্মাণ ভাৰত যুৱ মৰ্চা, বাসনা সাহিত্য গোষ্ঠী, সন্ধান কাকত গোষ্ঠী, কৈঠালকুছি সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, নলবাৰী জিলা সমিতি আদিকে ধৰি জিলাখনৰ বিভিন্ন ব্যক্তি, দল, সংগঠন, অনুষ্ঠান আদিয়ে অভিনন্দন জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in