নলবাৰীত জীৱন শিল্পী দিৱস উদযাপন…

নলবাৰীত জীৱন শিল্পী দিৱস উদযাপন…

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ চিত্ৰ শিল্প জগতৰ মহীৰূহস্বৰূপ আদ্য শৰ্মাৰ মৃত্যু দিনটো সোমবাৰে নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত 'জীৱন শিল্পী দিৱস' হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি নলবাৰী আৰ্ট স্কুলে প্ৰতিবছৰে প্ৰদান কৰি অহা 'জীৱন শিল্পী আদ্য শৰ্মা বটাঁ-২০২১' প্ৰখ্যাত পুতলা নাচৰ শিল্পী নলবাৰী জিলাৰ বাহঁজানী অঞ্চলৰ গোসাঁইখাট চুবুৰিৰ গোবিন্দ তালুকদাৰক আগবঢ়োৱা হয়। লগতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ প্ৰচেষ্টাত গুৰুজী আদ্য শৰ্মা পাৰ্কত আদ্য শৰ্মাৰ এটি বাৰ ফুট ওখ পূৰ্ণাংগ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়।

সোমবাৰে বিয়লি গুৰুজী আদ্য শৰ্মা উদ্যানত আদ্য শৰ্মাৰ পূৰ্ণাৱয়ব মূৰ্তিটো উন্মোচন কৰে বিধায়ক অশোক শৰ্মাই। গুৰুজীৰ মূৰ্তিটো স্থাপন কৰিবলৈ পাই নিজে ধন্য হোৱা বুলি উল্লেখ কৰে বিধায়ক শৰ্মাই। নলবাৰী আৰ্ট স্কুলৰ উপ সভাপতি মুকুল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰখ্যাত পুতলা নাচৰ শিল্পী গোবিন্দ তালুকদাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে, আদ্য শৰ্মাৰ ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত মহাপ্ৰয়াণ হৈছিল।

তেওঁৰ মৃত্যুৰ পিচত আৰ্ট স্কুলে অসমৰ লোক শিল্পৰ লগত জড়িত একোগৰাকীকৈ ব্যক্তিক প্ৰতিবছৰে এই বটাঁ প্ৰদান কৰি আহিছে। ইতিপূৰ্বে এই বটাঁ প্ৰয়াত বেণু মিশ্ৰ, দুলাল ৰয়, গৌৰী বৰ্মন, মীৰা বিশ্বাস আৰু প্ৰভাত শৰ্মাক প্ৰদান কৰা হৈছিল। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ কাৰ্যবাহ ডাঃ উমেশ চক্ৰৱৰ্তী, নলবাৰী জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, নলবাৰী আৰ্ট স্কুলৰ সভাপতি পবিন শৰ্মা, সম্পাদক ড° শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মন্নাফ,যুটীয়া সম্পাদকদ্বয় জিতুমণি ভট্ট আৰু নৃপেন্দ্ৰ কুমাৰ শৰ্মাও উপস্থিত থাকে।

পুৱাৰ ভাগত নলবাৰী আৰ্ট স্কুল চৌহদত অনুষ্ঠিত অনুষ্ঠানত পতাকা উত্তোলন কৰে আৰ্ট স্কুলৰ সভাপতি পবিন শৰ্মাই। গুৰুজী আদ্য শৰ্মাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে উপ সভাপতি ভূপেন্দ্ৰ নাথ গোস্বামীয়ে। বন্তি প্ৰজ্জ্বলন কৰে চিত্ৰ শিল্পী খচনুৰ আহমেদে আৰু ভাগীৰথী কলিতা সোঁৱৰণী জীৱন শিল্পী আদ্য শৰ্মা সংগ্ৰহালয় উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী পুতুল দাসে। ইফালে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো সোমবাৰে জীৱন শিল্পী , গুৰুজী আদ্য শৰ্মাদেৱৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে 'ৰং ভাবনা' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

নলবাৰী ছহিদ ভৱন বাকৰিত অনুষ্ঠিত কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি জীৱন শিল্পী আদ্য শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান , নলবাৰী জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই গুৰুজী আদ্য শৰ্মাৰ শিল্পী জীৱনৰ বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে আদ্য শৰ্মাৰ নামত ৰাজ্যিক পৰ্যায়ত এটা বঁটা ঘোষণা কৰাৰ লগতে শিল্পীগৰাকীক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰিবলৈ চৰকাৰক আহ্বান জনায়। জিলা ছাত্র সন্থাৰ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা অনুষ্ঠানত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ, নলবাৰী আৰ্ট স্কুলৰ সম্পাদক ড° শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, সাংবাদিক কিশোৰ কলিতা আদিও উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in