৩৫ খন ভাষা-জননীৰ পতাকা উত্তোলনৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন…

৩৫ খন ভাষা-জননীৰ পতাকা উত্তোলনৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন…

ডিজিটেল সংবাদ, নলবাৰীঃ 'এটা জাতিৰ স্বকীয়তা লুকাই থাকে মাতৃভাষাৰ গৰ্ভত। মাতৃভাষাক শক্তিশালী কৰাৰ দায়িত্ব প্ৰতিগৰাকী সন্তানে লোৱা উচিত। মাতৃভাষা শক্তিশালী নহ'লে এটা জাতি শক্তিশালী হ'ব নোৱাৰে । মাতৃভাষা শক্তিশালী হ'লেহে জাতি জীয়াই থাকিব ।' – এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱ জ্যোতি শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ মুল পতাকা উত্তোলন কৰি জিলা সভাপতি শৰ্মাই কয় অসমীয়া ভাষা-সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত অসম সাহিত্য সভাই গঠনমুলক কাম-কাজ কৰি আহিছে । ১৯৮৭ চনত জন্ম লাভ কৰা নলবাৰী জিলা সাহিত্য সভাই জিলাখনৰ সাহিত্য তথা বৌদ্ধিক দিশত অগ্ৰণী ভুমিকা লৈ আহিছে বুলিও তেওঁ‌ কয় ।

এই ক্ষেত্ৰত জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ গৃহ আৰু ভূমিদাতা প্ৰয়াত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী , অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত অধ্যাপক হৰেন্দ্ৰ নাথ শৰ্মাৰ অৱদান বৰ্ণনা কৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি – সম্পাদক তথা বিষয়-ববীয়া সকলৰ নাম স্মৰণ কৰে । জিলা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে মূল পতাকা উত্তোলন কৰাৰ সমানেই কাৰ্যালয় চৌহদত ভাষা-জননীৰ ৩৪ খন পতাকা বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা উত্তোলন কৰা হয় ।

জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডা০ বিপিন চন্দ্ৰ কলিতা , জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা , প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱা , গোলোক পাঠক , প্ৰাক্তন সম্পাদক দীকপ ডেকা , লক্ষী পাটোৱাৰী , বিশিষ্ট গ্ৰন্থ প্ৰকাশক তথা জাৰ্নাল এম্পৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য , বিশিষ্ট চিত্ৰ শিল্পী অবিনাশ মজুমদাৰ ,যোগেন্দ্ৰ নাথ শীল , সাহিত্যিক বিমলা দেৱী , ডা মকিবৰ ৰহমান , বিপিন কলিতা , গোকুল ডেকা , হৰিশ চন্দ্ৰ বৈশ্য , বীৰেন্দ্ৰ নাথ শৰ্মা , ৰাজেন্দ্ৰ নাথ শৰ্মা , খনীন্দ্ৰ চন্দ্ৰ নাথ , শুক্লেশ্বৰ মেধি , চাইফ উদ্দিন আহমেদ , ডা প্ৰাণকান্ত ভট্টাচাৰ্য , পৰেশ চন্দ্ৰ বৰ্মন , ভৱেশ চন্দ্ৰ শৰ্মা , খদেজা বেগম আদিকে ধৰি ৩৪ গৰাকী সাহিত্যসেৱী তথা বিশিষ্ট নাগৰিকৰ দ্বাৰা ৩৪ খন পতাকা উত্তোলন কৰা হয় ।

ইয়াৰ পিছতেই সাহিত্যসেৱী মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আৱক্ষ মূৰ্ত্তিত জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ , অসম সাহিত্য অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ আৱক্ষ মূৰ্তিত সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড° উপমা বৰ্মন ডেকাই বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সাহিত্যসেৱি আজিজুৰ ৰহমানৰ নাট্য সংকলন " নাটঘৰ " উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ তিলক বৈশ্যই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in