কৃষি সাহায্য কেলেংকাৰী চৰকাৰক বদনামী কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰঃ নলবাৰীত সংবাদমেলত জয়ন্তমল্লৰ দাবী…

কৃষি সাহায্য কেলেংকাৰী চৰকাৰক বদনামী কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰঃ নলবাৰীত সংবাদমেলত জয়ন্তমল্লৰ দাবী…


ডিজিটেল সংবাদ, নলবাৰীঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত চৰম আৰ্থিক অনাটনৰ সম্মুখীন হৈছে খাতিখোৱা মানুহখিনি। নলবাৰী জিলাৰ এনে ২ লাখ ৫ হেজাৰ পৰিয়ালৰ মাজত বিজেপি দল আৰু সংশ্লিষ্ট বিধায়কসকলে সাহায্য সামগ্ৰী প্ৰদান কৰা বুলি জানিবলৈ দিয়ে অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক জয়ন্তমল্ল বৰুৱাই।

মঙলবাৰে বিয়লি নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ প্ৰকাশ কৰা তথ্যমতে ইয়াৰে নলবাৰী সমষ্টিৰ ৭০ হেজাৰ, ধৰ্মপুৰৰ ৬০ হেজাৰ, বৰক্ষেত্ৰীৰ ৬০ হেজাৰ আৰু টিহুৰ ১৫ হেজাৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। একাংশ পৰিয়ালক ২/৩ বাৰো দিয়া হৈছে সাহায্য সামগ্ৰী। কোনো লোক যাতে ভোকত থাকিবলগা নহয় তাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ লোৱা বুলিও তেওঁ কয়।

নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু সাধাৰণ সম্পাদক পুলক শৰ্মা উপস্থিত থকা সংবাদমেলত জয়ন্তমল্ল বৰুৱাই ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নলবাৰী জিলাতো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিত ব্যাপক খেলিমেলি হোৱা বুলি স্বীকাৰ কৰে যদিও ইয়াত চৰকাৰ তথা বিভাগৰ কোনো দোষ নাই কম্পিউটাৰ অপাৰেটৰৰ দোষতহে কেলেংকাৰী সংঘটিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে নলবাৰী জিলাত ভুৱা হিতাধিকাৰী,চাকৰিয়াল আৰু বিত্তশালী লোকে কৃষি সাহায্য লাভ কৰিছে।

সংবাদমেলত জয়ন্তমল্লই প্ৰকাশ কৰা তথ্যমতে নলবাৰী জিলাত চৰকাৰী ৱেবচাইটমতে ১ লাখ ২৩ হেজাৰ ৪২৬ গৰাকী হিতাধিকাৰীয়ে সাহায্য লাভ কৰাৰ তথ্য আছে। কিন্তু প্ৰকৃত হিতাধিকাৰী হ'ব লাগে ৯৯ হেজাৰ ৬১৯ গৰাকী। এনে অৱস্থাত ২৩ সহস্ৰাধিক হিতাধিকাৰী ক'ৰ পৰা আহিল সেয়া বোধগম্য হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। আনকি নগাঁও, ধিং,মৈৰাবাৰীৰ লোকেও নলবাৰী জিলাৰ বাসিন্দা হিচাপে কৃষি সাহায্য লাভ কৰা বুলি তেওঁ স্বীকাৰ কৰে।

তদুপৰি বিশেষ এটা সম্প্ৰদায়ৰ লোকে এনেদৰে জালিয়াতিৰে ধন লাভ কৰা বুলিও তেওঁ কয়। এয়া চৰকাৰক বদনামী কৰিবলৈ কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰ হ'ব পাৰে বুলিও সংবাদমেলত সন্দেহ ব্যক্ত কৰা হয়। হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা কম্পিউটাৰ অপাৰেটৰসকলৰ বাবেই এনে কেলেংকাৰী সংঘটিত হোৱা বুলি জয়ন্তমল্ল বৰুৱাই মন্তব্য কৰে।

অৱশ্যে এই দুৰ্নীতিৰ তদন্ত ঘোষণা কৰা হৈছে আৰু নলবাৰী জিলাৰ ভুৱা হিতাধিকাৰীয়ে ইতিমধ্যে ১০ লাখ ৫৮ হেজাৰ টকা ঘূৰাই দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। অতি সোনকালেই হিতাধিকাৰী কৃষকৰ প্ৰকৃত তালিকা ওলাব বুলি তেওঁ কয়। পৰ্যটন নিগমৰ অধ্যক্ষ হিচাপে জয়ন্তমল্ল বৰুৱাই কয় যে 'কা'বিৰোধী আন্দোলন আৰু কোৰোনাৰ বাবে এইবছৰ পৰ্যটন নিগমে প্ৰায় চাৰি হেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱালে। ২০২০ বৰ্ষটো অসমৰ পৰ্যটন ক্ষেত্ৰৰ বৃহৎ ক্ষতি। এইবাৰ পুণ্যধাম আঁচনিৰ অধীনত কোনো লোককে অসমৰ বাহিৰৰ তীৰ্থস্থানলৈ নিয়া নহয় বুলি ঘোষণা কৰি তেওঁ কয় যে ইয়াৰ পৰিবৰ্তে আন্তঃজিলা পৰ্যটনৰ সুবিধা দিয়া হ'ব।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in