শেহতীয়া খবৰ
ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ

নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন…

65

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ পানীগাওঁ, ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে  উদযাপন কৰা হয় ৷ ৰাতিপুৱা ৯.৩০ বজাত  শিক্ষক ৰূপক বৈশ্যই আঁত ধৰা আজিৰ এই দ্বিতীয় প্ৰতিষ্ঠা দিৱসটিত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে নৱ নিযুক্ত অধ্যক্ষ দিবাকৰ ডেকাই ৷ উত্তোলনী ভাষণত ডেকাই স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ কথা উল্লেখ কৰি বিদ্যালয়খনিয়ে এদিন শিখৰ চুব বুলি ব্যক্ত কৰে ৷

স্মৃতি তৰ্পন কৰে ফুলগুৰি গাঁৱৰ গাঁওবুঢ়া ঘনশ্যাম বৰ্মনে ৷ গছপুলি ৰোপন কৰে স্থানীয় সমাজকৰ্মী তথা লোকশিল্পী ৰমনী বৰ্মনে ৷ ৰাতিপুৱা ১০.৩০ বজাত আৰম্ভ হোৱা শিক্ষক আলতাফ হুচেইনে আঁত ধৰা সভাখন সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা নলবাৰীৰ নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ জৈনে ৷ সভাপতিৰ ভাষণত জৈনে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ চেষ্টাৰ শলাগ লয় ৷

সভাৰ উদ্দেশ্য ব্যাখ্যাৰে পৰিচালনা সমিতিৰ হৈ বক্তব্য প্ৰদান কৰে সম্পাদক তথা নলবাৰী কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা নিপন মজুমদাৰে ৷ নলবাৰী জাতীয় বিদ্যালয়, ফুলগুৰিৰ শিক্ষক ৰূপক বৈশ্যৰ ৰচনা আৰু মিলন হাইস্কুল, পানীগাঁৱৰ শিক্ষক ব্ৰজেন বৈশ্যৰ সুৰ আৰু বাদ্যযন্ত্ৰী অনিল গোস্বামীৰ সহযোগত আৰম্ভণি গীতটি পৰিৱেশন কৰে বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ৷

বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাউকন ডেকাই শিক্ষা ব্যৱস্থাপনাৰ ওপৰত বিশদভাবে আলোকপাত কৰে ৷ ভাষণত উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময় প্ৰতিযোগিতাৰ যুগ, এই যুগত বা সময়ছোৱাত নিজকে প্ৰস্তুত কৰি সময়ৰ লগত খাপ খুৱাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী আগুৱাই যাব লাগিব ৷ ছাত্ৰ-ছাত্ৰীৰ ঘৰত শৈক্ষিক পৰিৱেশ নাথাকিলে বিদ্যালয়ৰ পৰিৱেশৰ ক্ষেত্ৰত গঢ় দিয়াটো কঠিন হৈ পৰে ৷

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে যাতে নিজৰ সন্তানক আগুৱাই নি সুস্থ পৰিৱেশ গঢ়ি তুলি সমাজখন সুস্থিৰ কৰি তুলিব পাৰে তাৰ বাবে আহ্বান জনায় পুনৰ কয় ঐক্য, সংহতি আৰু জাতীয় চেতনাৰ লক্ষ্যৰে সংস্কৃতি গঢ়াই ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কাম ৷ সভাত এটি লোকগীত পৰিৱেশনেৰে উপস্থিত সুধীগণক আপ্লুত কৰে শিক্ষয়িত্ৰী মেঘালী হালৈয়ে ৷ মঞ্চ শুৱনি কৰা আন কেইগৰাকী অতিথিৰ মাজত নিজৰ নিজৰ ভাষণ প্ৰদান কৰে ক্ৰমে জনতা হাইস্কুলৰ প্ৰধান শিক্ষক লঙ্কেশ্বৰ বৰ্মন আৰু চিৰ আৰ চি চি জয়ন্ত ডেকাই ৷

শনিবাৰৰ এই দ্বিতীয় প্ৰতিষ্ঠা দিৱসত পৰিচালনা সমিতিৰ আন দুগৰাকী সদস্য ক্ৰমে অসম জাতীয় বিদ্যালয়, নুনমাটিৰ শিক্ষক নৱজ্যোতি তালুকদাৰ আৰু জিত পাটগিৰিৰ লগতে শুভাকাংক্ষী হিচাপে বিশিষ্ট শিল্পী উপেন শৰ্মা আৰু আদৰ্শ বালিকা বিদ্যাপীঠ হাইস্কুলৰ শিক্ষক মুকুল শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতয়ে অনুস্থানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে ৷

সভাখনত অতিথি শিল্পী দিভিতা পাটগিৰিৰ উপৰিও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ গীত, কবিতা আৰু নৃত্যই সকলোকে আকৰ্ষিত কৰে ৷ অভিভাৱিকা নিলীমা বৰ্মনৰ এটি গীতৰ লগতে এটি কবিতা আবৃত্তি কৰে শিক্ষয়িত্ৰী কৰবী বৰ্মনে ৷ প্ৰায় দুশ লোকৰ উপস্থিতিত সকলোকে উদ্দেশ্যি শলাগৰ শৰাই যাঁচে বিদ্যালয়খনৰ শিক্ষক ৰূপক বৈশ্যই ৷ শেষত অসম সঙ্গীতেৰে সভাৰ সামৰণি পৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি