নলবাৰীত স্বাধীনতা দিৱসত যোগান মন্ত্ৰীৰ পতাকা উত্তোলন…

নলবাৰীত স্বাধীনতা দিৱসত যোগান মন্ত্ৰীৰ পতাকা উত্তোলন…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে গৰ্ডন চৰকাৰী স্কুল খেল পথাৰত ৭৩ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। ত্ৰিৰংগা পতাকা উত্তোলন কৰে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে।

পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁ প্ৰথমতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ শত সহস্ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সীমান্তত দিনে-নিশাই দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ কৰ্তব্য পালন কৰা বীৰ জোৱান সকললৈও তেওঁ শ্ৰদ্ধা জনায় ।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰূপায়ণ কৰা শিক্ষা, কৃষি, উদ্যোগ আৰু বাণিজ্য, যাতায়ত, আন্ত:গাঁথনিকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ চমু খতিয়ান দাঙি ধৰে। তেওঁ আৰক্ষী জোৱান, এন চি চি, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

ইয়াৰ পিচত নলবাৰীৰ স্বাধীনতা সংগ্ৰামীসকলক সম্বৰ্ধনা জনোৱা হয় । তদুপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা শিল্পী পেঞ্চন, সাহিত্যিক পেঞ্চন আৰু ক্ৰীড়া ক্ষেত্ৰত পেঞ্চনৰ বাবে নিৰ্বাচিত নলবাৰীৰ লোকসকলকো সম্বৰ্ধনা জনোৱা হয়।

আনহাতে চলিত বছৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত স্থানপ্ৰাপ্ত নলবাৰীৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অন্যান্য ক্ষেত্ৰত শ্ৰেষ্ঠ হোৱা লোকসকলকো সম্বৰ্ধনা জনোৱা হয় ।

স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কুচকাৱাজত প্ৰথম পুৰস্কাৰ লাভ কৰে নলবাৰী কলেজৰ এন চি চি দলে, দ্বিতীয় পুৰস্কাৰ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ এন চি চি দলে আৰু তৃতীয় পুৰস্কাৰ নালন্দা পাব্লিক স্কুলে লাভ কৰে। সাংস্কৃতিক অনুষ্ঠান পৰিবেশনত সৰ্বশ্ৰেষ্ঠ হয় নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়, প্ৰথম পুৰস্কাৰ লাভ কৰে নলবাৰী নালন্দা পাব্লিক স্কুলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে হেলচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু তৃতীয় পুৰস্কাৰ বিদ্যাঞ্চল স্কুল, নলবাৰীয়ে লাভ কৰে।

স্বাধীনতা দিৱসৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত আছিল ৰাতিপুৱা প্ৰভাত গীতাঞ্জলি, ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ছহিদ তৰ্পন, ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু জিলা কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত ফল-মূল বিতৰণ ,চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক একাদশ আৰু উপায়ুক্ত একাদশৰ মাজত প্ৰদৰ্শনীমূলক ফুটবল খেল, কুইজ আৰু চৰকাৰী কাৰ্যালয় আৰু বাসগৃহত বন্তি প্ৰজ্বলন আদি ।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত নলবাৰী বিধানসভা সমষ্টি আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে অশোক শৰ্মা , নাৰায়ণ ডেকা , উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী , আৰক্ষী অধীক্ষক অমনজিত কৌৰ আৰু নলবাৰী জিলাৰ উচ্চপদস্থ চৰকাৰী বিষয়াৰ লগতে কেইবাহেজাৰ ৰাইজ উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in