নলবাৰীত মুকলি হ’ল ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনি

নলবাৰীত মুকলি হ’ল ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনি

ডিজিটেল সংবাদ, নলবাৰীঃ ভাৰত চৰকাৰৰ অভিলাসী আঁচনিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনি শুকুৰবাৰে নলবাৰীত কেন্দ্ৰীয়ভাবে শুভ উদ্বোধন কৰা হয়। নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বাস্থ্য, বিত্ত, গড়কাপ্তানি মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়খনত বৰ্তমানে ৬ গৰাকী ৰোগীয়ে একেসময়তে ডায়েলাইচিছৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

যিসকল ৰোগীৰ দুয়োটা বৃক্ক বিকল হয় তেওঁলোকে নতুন বৃক্ক সংৰোপন নকৰা পৰ্যন্ত ডায়েলাইচিছ কৰোৱাৰ প্ৰয়োজন হৈ পৰে। নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ডায়েলাইচিছ মেচিন দান কৰিছে হিমাংশু ডাৱে আৰু ডায়েলাইচিছ কৰিব গুৱাহাটী এপ'ল' হাস্পতালৰ চিকিৎসকে। এজন ৰোগীক ডায়েলাইচিছ কৰাৰ বাবে চিকিৎসকক ১,২৯৬ টকাকৈ দিয়া হ'ব, তাৰে ৯০শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে দিব আৰু দহ শতাংশ ধন ৰাজ্য চৰকাৰে দিব। ৰোগীৰ বাবে এই সেৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলিও তেওঁ কয়। ২০১৬ চনৰ পৰাই এই ব্যৱস্থা কৰাৰ বাবে চৰকাৰে চেষ্টা চলাই আহিছিল বুলিও তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, আজি ভাৰতত ২০লাখ লোকৰ বৃক্ক বেয়া হয়। গতিকে ডায়েলাইচিছৰ অতি প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে, এতিয়ালৈ নলবাৰীৰ ১,৫৬৩ গৰাকী ৰোগীয়ে অটল অমৃত আঁচনিৰ সুবিধা লাভ কৰিছে,২,১‍‌৪৪ জন লোকে আয়ুস্মান ভাৰতৰ সুবিধা লাভ কৰিছে। তেনেকৈ নলবাৰীৰ অসামৰিক চিকিৎসালয়খনত ১৪,০০০ ৰোগীয়ে বিনামূলীয়া চিটি স্কেনৰ সুবিধা আৰু ৪২,৯৫৬গৰাকী ৰোগীয়ে বিনামূলীয়া এক্সৰেৰ সুবিধা লাভ কৰিছে। ৫৪,০০০ ৰোগীয়ে বিনামূলীয়া তেজ পৰীক্ষাৰ সুবিধা লাভ কৰিছে।

মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ উপায়ুক্তক সপ্তাহত এবাৰকৈ অসামৰিক চিকিৎসালয়খন পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনায়। সাংবাদিক সকলকো গঠনমূলক দৃষ্টিভংগীৰে চিকিৎসালয়খন চাবলৈ কয়। প্ৰকৃত সমস্যাৰ বুজ ল'বলৈ জনপ্ৰতিনিধিসকলে ৰাইজৰ মাজত সোমাব লাগে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। নলবাৰীত এই ডায়েলাইচিছ ব্যৱস্থা শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে এই আঁচনি উদ্বোধন কৰাৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰী দক্ষিণ গাঁৱত উপস্থিত হৈ নলবাৰী মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয়। মেডিকেল কলেজৰ কাম পোন্ধৰ শতাংশ আগবঢ়া বুলি তেওঁ প্ৰকাশ কৰে। ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে আঁত ধৰা উদ্বোধনী সভাত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰীৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰী, এপ'ল' হাস্পতালৰ চিকিৎসক সুধাকৰ ৰাও, হিমাংশু ডাৱে, অনুপ কুমাৰ বৰ্মন, জিলা বিজেপিৰ সভাপতি বনদীপ ডেকা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰী পৌৰসভাৰ সভাপতি বিপাশা দাস আদিও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in