শেহতীয়া খবৰ
লামডিং-পাথৰখোলাৰ ৰে'ল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  অৰুণাচলত জব্দ ৩৪.৯ লাখ টকা  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত

নলবাৰীত ২৩তম ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাত ১০দলৰ অংশ   

59

ডিজিটেল সংবাদ, নলবাৰীঃ অসম হেণ্ডবল মহিলা দল আৰু অৰুণাচল হেণ্ডবল মহিলা দলৰ উদ্বোধনী খেলেৰে নলবাৰী জিলাৰ বেলশৰত আৰম্ভ হ’ল ২৩ তম ৰাষ্ট্ৰীয় পূব মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা। ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়  খেলপথাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ ২৩ তম ৰাষ্ট্ৰীয় পূব মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাখন আৰম্ভ হয়।

মুঠ ১০ খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ পুৱাৰ উদ্বোধনী লীগ খেলত অসমৰ মহিলা দলে অৰুণাচল দলক ২৪-১ ছেটত পৰাস্ত কৰে। ইফালে বিয়লিৰ আনখন খেলত পুৰুষৰ মণিপুৰ দলে উৰিষ্যা দলক ৩২-১৮ ছেটত পৰাস্ত কৰে। এই উপলক্ষে পুৱা ৮ বজাত ভাৰতীয় হেণ্ডবল সন্থা, অসম হেণ্ডবল সন্থা, নলবাৰী জিলা হেণ্ডবল সন্থা, বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ কাৰ্যসূচী মুকলি হয়।

ইয়াৰ লগতে ২৩ খন পতাকা আন বিভিন্ন ক্ষেত্ৰত জড়িত ২৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে। ইফালে প্ৰতিযোগিতাত আদৰণি সমিতিৰ সভাপতি লক্ষ্মী পাটোৱাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ সভাত মেঘালয়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী দেৱৰা মাৰাক, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণকে ধৰি  কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ উদ্বোধনী ভাষণ আগবঢ়ায় অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে। ইয়াৰ পূৰ্বে মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰা হয়। প্ৰতিযোগিতাত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু নাগালেণ্ডৰ দলে অংশ লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি