নলবাৰীত মুক্তিযোদ্ধা কনক চন্দ্ৰ বৰ্মাৰ স্মৃতি দিৱস, গ্ৰন্থ উন্মোচন…

নলবাৰীত  মুক্তিযোদ্ধা কনক চন্দ্ৰ বৰ্মাৰ স্মৃতি দিৱস, গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, নলবাৰীঃ ভাৰতৰ স্বাধীনতা যুঁজৰ অক্লান্ত সেনানী, নলবাৰী বৰকুৰা স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কনক চন্দ্ৰ বৰ্মাৰ স্মৃতি দিৱস বুধবাৰে নলবাৰী নাট্য মন্দিৰত উদযাপন কৰা হয় ।

এই উপলক্ষে আবেলি নলবাৰী নাট্য মন্দিৰত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। উদ্বোধনী ভাষণত ড° ৰাজবংশীয়ে কয় যে মুক্তি যোদ্ধাৰ জীৱন-কৃতি নতুন প্ৰজন্মক জনোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য।

অনুষ্ঠানত প্ৰয়াত কনক চন্দ্ৰ বৰ্মাৰ বৰ্ণিল জীৱনৰ বিভিন্ন সময়ত ৰচিত " মুক্তিযোদ্ধা কনক বৰ্মা ৰচনাৱলী ( কামৰূপীয়া কথন শৈলীৰ অনুপম সৃষ্টি ) " শীৰ্ষক গ্ৰন্থখন আৰু নৃপাল বৰ্মা 'ৰিক'লিং মাই ভইয়েজ ' ( Recalling my Voyage ) নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতণ অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক শৰ্মা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই।

উন্মোচনী ভাষণত ড° দীপক শৰ্মাই কয় যে কনক বৰ্মাৰ দৰে বৰেণ্য ব্যক্তিসকলৰ আদৰ্শই সমাজ শৃংখলিত কৰে। সেইদৰে ড° হিতেশ ডেকাই তেওঁৰ ভাষণত কয় যে অসমে নলবাৰীৰ সমাজ গঠনৰ প্ৰক্ৰিয়াবোৰ বাৰুকৈয়ে লক্ষ্য কৰে।

নলবাৰীৰ সমাজ নিৰ্মাণত অগ্ৰণী ভূমিকা লোৱা কনক বৰ্মা কেৱল মুক্তি যোদ্ধাই নাছিল তেওঁৰ কলমো আছিল চোকা। নৃপাল বৰ্মনে আদৰণী ভাষণ দিয়া সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰীৰ বিধায়ক অশোক শৰ্মা,প্ৰাক্তন সাংসদ জয়শ্ৰী মহন্ত গোস্বামী, কুমাৰ দীপক দাস , অগপ নেতা দিলীপ পাটগিৰি আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা।

সীমান্ত বৰ্মা আৰু তুলিকা দাসে আঁত ধৰা এই সভাতে উন্মোচিত গ্ৰন্থখনৰ পৰা এটা কবিতা পাঠ কৰে জনপ্ৰিয় কবি প্ৰনব কুমাৰ বৰ্মনে। স্বৰাজ শিৱিৰ কৃষ্টি প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত ৰাতিপুৱা ৯ বজাত পতাকাৰ উত্তোলনেৰে শুভাৰম্ভ কৰা হয় ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in