নলবাৰীত কমা নাই বানৰ ভয়াৱহতা, বানাক্ৰান্তৰ খবৰ ললে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই…

নলবাৰীত কমা নাই বানৰ ভয়াৱহতা, বানাক্ৰান্তৰ খবৰ ললে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই…

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ কেতবোৰ অঞ্চলত বানৰ প্ৰকোপ বুধবাৰে সামান্য কমিছে যদিও ভয়াৱহতা আঁতৰা নাই। বিভিন্ন আশ্ৰয় শিবিৰত বানাক্ৰান্তসকলে যাতনা ভোগ কৰি থাকিবলগীয়া হৈছে।পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী, খোৱাপানীৰ নাটনি হৈছে একাংশ শিবিৰত। শিবিৰত থকা একাংশ লোকৰ জ্বৰ,কাঁহ , পেটৰ অসুখ আদিও আৰম্ভ হৈছে। যিসমূহ পশুধন বানৰ পৰা ৰক্ষা পৰিছে সেইবোৰৰো আলাই আথানিৰ সীমা নোহোৱা হৈছে।

বুধবাৰে নলবাৰী জিলাৰ গোবৰাদল,ষাঠিকুছি ,সুৰাদী , আখৰা ,বকুৱাজাৰি আদি বিভিন্ন বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই তেওঁলোকৰ দুখ -দুৰ্দশাৰ খবৰ লয় ।বিশেষকৈ যিসকল বন্যাৰ্তৰ ওচৰত আন মন্ত্ৰীয়ে উপস্থিত হোৱা নাই সেইবিলাক অঞ্চলত আজি মন্ত্ৰীগৰাকীয়ে গৈ বানাক্ৰান্ত লোকৰ খবৰ লয় ।

বিয়লিৰ ভাগত মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী সমন্বিতে অতিৰিক্ত উপায়ুক্ত ,জিলা কৃষি বিষয়া ,দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া ', চিকিৎসা বিষয়া ,পশু চিকিৎসা বিষয়া , জনস্বাস্থ্য কাৰিকৰী অভিযন্তা ,সমাজ কল্যাণ বিষয়া , বিদ্যালয়সমূহৰ পৰিদৰ্শক , জিলা প্ৰাথমিক শিক্ষা বিষয়া ,এপিডিচিএলৰ অভিযন্তা আদি বিষয়াৰ লগত বানাক্ৰান্ত লোকৰ উদ্ধাৰ আৰু সাহায্য সম্পৰ্কত পৰ্যালোচনা কৰে । বানত হোৱা ক্ষয় -ক্ষতিৰ প্ৰতিবেদন দিওতে যাতে পলম নহয় তাৰ বাবে গুৰুত্ব দিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

বুধবাৰে সন্ধিয়া জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্যমতে নলবাৰীৰ ৭টা ৰাজহ চক্ৰৰ ১৭৪খন গাঁওৰ ২,৩০,৪৭৫ গৰাকী লোক বানৰ কবলত পৰিছে । ২২টা আশ্ৰয় শিবিৰত ৫৬৫ গৰাকী লোকে আশ্ৰয় লৈ আছে । জিলা প্ৰশাসনৰ লগত এছ ডি আৰ এফ , এন ডি আৰ এফ আৰু সেনাবাহিনীৰ লোকে ৫খন নাও ব্যৱহাৰ কৰি বানাক্ৰান্ত লোকক উদ্ধাৰ অব্যাহত ৰাখিছে ।৬৪টা সাহায্য বিতৰণ কেন্দ্ৰৰ পৰা বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰি আছে নলবাৰী জিলা প্ৰশাসনে ।১৬ টা চিকিৎসাকৰ্মীৰ দলে বন্যাৰ্তক চিকিৎসা সেৱা আগবঢ়াই আছে ।

বুধবাৰে নলবাৰী জিলা প্ৰশাসনে বানাক্ৰান্ত লোকৰ মাজত ২৯৯.৫০ কুইন্টল চাউল, ৫৪.৫৩ কুইন্টল দাইল , ১৬.৩৫ কুইন্টল নিমখ আৰু ১৬৩৫ লিটাৰ মিঠাতেল সাহায্য হিচাপে বিতৰণ কৰিছে । আনহাতে পশুখাদ্য হিচাপে ২১৩.২ কুইন্টল গোমৰ ভুচি আৰু মমবাতি ,ধূপ ,মহখেদা কইল আদিও বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰিছে বুলিও জনাইছে ।

ইপিনে জিলাখনৰ বিভিন্ন আশ্ৰয় শিবিৰত জিলা প্ৰশাসনে সাহায্য সামগ্ৰী যোগান ধৰিছে যদিও পৰ্যাপ্ত নোহোৱাত বন্যাৰ্তসকল চৰম অসুবিধাৰ সম্মুখীন হৈছে। ইয়াৰ মাজতে বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে বানাক্ৰান্তসকলৰ মাজত কেতবোৰ সামগ্ৰী যোগান ধৰি মহানুভৱতা দেখুৱাইছে। বালিতাৰা আৰু সৰিয়হতলীৰ আশ্ৰয় শিবিৰত আজি নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ বিষয়ববীয়াসকলে চাউল,চিৰা,চেনি আৰু পশুধনৰ বাবে ভূচি বিতৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ উদ্যোগত নলবাৰীৰ বৰআগ্ৰা এম ই স্কুল আৰু বৰআগ্ৰা ৰাজহুৱা নামঘৰত স্থাপন কৰা আশ্ৰয় শিবিৰ দুটাত সাহায্য সামগ্ৰী বিতৰণ কৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহিলা আলোচনী ' মহিয়সী' ৰ সম্পাদিকা ড° দুলুমনি ডেকা, আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী নিৰুপমা হালৈ আৰু সম্পাদিকা দীপালী পাঠকৰ নেতৃত্বত যোৱা মহিলাসকলে বন্যাৰ্তৰ মাজত চাউল,দালি,মিঠাতেল, চেনি, আলু,ছয়াবিন আদি বিতৰণ কৰে। ইপিনে বন্যাৰ্তৰ মাজত খোৱা পানীৰ নাটনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডাঃ মৃগাংখ তালুকদাৰ আৰু নন্দলাল সৰকাৰৰ নেতৃত্বত এটা দলে নমাটি, বালিতাৰা, ভেলেবাৰী,ছটাইবাৰী, নাহেৰবাৰী আৰু খুদিয়াত এক লিটাৰৰ ১,২০০ খোৱা পানীৰ বটল বিতৰণ কৰে।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলেও বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণে সহায় কৰি আছে। তেওঁলোকে শিবিৰত খোৱা পানী,বিস্কুট আদি যোগান ধৰিছে। সেইদৰে ভাৰতীয় চিকিৎসা সেৱ সন্থা চমুকৈ 'আমছা'ৰ নলবাৰী গোটৰ উদ্যোগত আজি বৰআগ্ৰাত চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। ডাঃ কামেশ্বৰ লহকৰ,ডাঃ অৰুন বৰ্মন,ডাঃ দুৰ্লভ পাঠক প্ৰমুখ্যে দহগৰাকী চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে বন্যাৰ্তৰ মাজত চিকিৎসা সেৱা আগবঢ়ায়। লগতে বিনামূলীয়া দৰব পাতিও বিতৰণ কৰে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in