নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত…

নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত,  এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত…

প্ৰতিদিন সংবাদ, নলবাৰীঃ নলবাৰীৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে যদিও ৰাইজৰ দুখ দুৰ্দশা আঁতৰা নাই। আজিও প্ৰায় ডেৰ লাখ লোক বানাক্ৰান্ত হৈয়ে আছে।শুকুৰবাৰে নলবাৰী জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে শোলমাৰা , দাহুদী , কৈহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয় ।

তেওঁ পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীৰ লগত বান পৰিস্থিতিৰ পৰৱৰ্তী সময়ত ল'ব লগা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে । উপায়ুক্তগৰাকীয়ে কৃষি খণ্ডৰ ক্ষয়-ক্ষতিৰো বুজ লয় । আনহাতে শুকুৰবাৰে ৰাতিপুৱা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই টিহু ৰাজহ চক্ৰত পানীত বুৰি মৃত্যু হোৱা জিতুমনি হালৈৰ ঘৰত উপস্থিত হৈ খা খবৰ লয় ।

শুকুৰবাৰো সন্ধিয়া নলবাৰী জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্যমতে এতিয়াও জিলাখনত ১,৩২,০০০ গৰাকী লোক বানাক্ৰান্ত হৈয়ে আছে আৰু ৫,৫৬৮ গৰাকী লোক ২২টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে । প্ৰশাসনে ২০টা সাহায্য বিতৰণ কেন্দ্ৰৰ পৰা সাহায্য বিতৰণ কৰিছে ।

২৬ টা চিকিৎসাকৰ্মীৰ দলে বানাক্ৰান্ত লোকক চিকিৎসা সেৱা আগবঢ়াই আছে । জিলা প্ৰশাসনে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰি আছে যদিও পৰ্যাপ্ত নোহোৱাত ঠায়ে ঠায়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইপিনে বিভিন্ন সংগঠনেও বানাক্ৰান্তৰ মাজত সাহায্য আগবঢ়াইছে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটা দলে আজি অদ্যাপি বানৰ কবলত থকা বৰভাগ ৰাজহ চক্ৰৰ বৰ শিমলুৱা আৰু বৰ বুকীয়াত ৰাইজৰ মাজত খোৱা পানীৰ বটল আৰু বিস্কুট বিতৰণ কৰে।

উল্লেখযোগ্য যে পাগলাদিয়া, বৰলীয়া আৰু নোনা নৈৰ বাঢ়নী পানীয়ে বৰভাগ ৰাজহ চক্ৰত ভয়াবহ ৰূপ লয়। কমাৰকুছি হাইস্কুলৰ চৌহদ সম্পূৰ্ণৰূপে পানীৰ তলত। ফলত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান বাতিল কৰিবলগীয়া হয়। বন মহোৎসৱৰ লগত সংগতি ৰাখি ৰোপণ কৰা গছপুলিসমূহ বিনষ্ট হয়। মাৰোৱাৰী যুৱ মঞ্চৰ নলবাৰী শাখাই আজি বানাক্ৰান্ত শ'লমাৰা অঞ্চলত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে।

সেইদৰে নমাটি এম ই স্কুলৰ শিবিৰত থকা বন্যাৰ্তসকলৰ মাজত গুৱাহাটীৰ ইয়ংষ্টাৰ ফুটবল কোচ্চিং চেন্টাৰৰ তৰফৰ পৰা আশী হেজাৰ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰ, বিশিষ্ট অভিনেতা ভবেশ বৰুৱাসহ নাট্য দলটোৰ কলা কুশলীসকলে আজি মৰোৱাসীৰ সহযোগত নলবাৰীত বান সাহায্য অভিযান চলায়। সংগৃহীত ধন তেওঁলোকে জিলা উপায়ুক্তৰ বান সাহায্য পুঁজিত জমা দিব।

ইপিনে নলবাৰী জিলাৰ উপায়ুক্তই আজি কেন্দ্ৰীয় সুৰক্ষা বল , ৰে'লৱে আৰক্ষী , অসম আৰক্ষী আৰু সেনা বাহিনীৰ জিলাখনত থকা মুৰব্বীৰ লগত আইন -শৃংখলা পৰিস্থিতি সম্পৰ্কত তেওঁৰ সভাকক্ষত এক বৈঠকত মিলিত হয় ।।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in