দৰ্শকৰ সেৰেঙা উপস্থিতিৰে সামৰণি পৰিল নলবাৰীৰ চলচ্চিত্ৰ উৎসৱৰ…

দৰ্শকৰ সেৰেঙা উপস্থিতিৰে  সামৰণি পৰিল নলবাৰীৰ চলচ্চিত্ৰ উৎসৱৰ…

ডিজিটেল সংবাদ,নলবাৰীঃ ছাত্ৰ ছাত্ৰীসকলৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ চলি থকা অৱস্থাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত নাট্য মন্দিৰত কাৰ্যতঃ সংগোপনে আয়োজন কৰা চলচ্চিত্ৰ উৎসৱৰ শুকুৰবাৰে সেৰেঙা দৰ্শকৰ উপস্থিতিৰে সামৰণি পৰে।

এই চলচ্চিত্ৰ উৎসৱ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিছিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক উন্নয়ন প্ৰকল্প বিষয়া ৰাজীৱ কৈৰী , জিলা উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী , সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাকে ধৰি নলবাৰী জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

বৃহস্পতিবাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগম লিমিটেডৰ প্ৰযোজনাৰে আৰু জাহ্নু বৰুৱাৰ পৰিচালনাৰে 'বান্ধোন' , ৰজনী বসুমতাৰীৰ পৰিচালনাৰে ' ৰাগ' আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন ) নিগম পৰিসীমিত আৰু বি বি এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনাৰে আৰু ববী শৰ্মা বৰুৱাৰ পৰিচালনাৰে 'সোণৰ বৰণ পাখি' নামৰ চলচ্চিত্ৰ কেইখন প্ৰদৰ্শিত হয় ।

শুকুৰবাৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ পৰিচালনাৰে ' নিষিদ্ধ নদী ' । দুপৰীয়াৰ দৰ্শনী দৰ্শকৰ অভাৱত বাতিল কৰা হয় । সন্ধিয়া চিলভাৰ লাইন প্ৰডাকচনৰ প্ৰযোজনাৰে আৰু প্ৰবীণ হাজৰিকাৰ পৰিচালনাৰে " শৃংখল " কথাছবিখন প্ৰদৰ্শিত হয়। উল্লেখযোগ্য যে নলবাৰীত চলচ্চিত্ৰ উৎসৱৰ আয়োজন কৰাৰ বিষয়ে আগদিনা সন্ধিয়াহে জিলা তথ্য আৰু জনসংযোগ বিভাগে ৰাজহুৱা কৰি প্ৰেছ বিবৃতি প্ৰকাশ কৰে। ৰহস্যজনকভাবে ইয়াৰ বাহিৰে কোনো প্ৰচাৰ চলোৱা হোৱা নাছিল।

আনকি বেনাৰ-হৰ্ডিঙো চকুত পৰাকৈ লগোৱাৰ পৰা বিৰত আছিল জিলা প্ৰশাসন। মাইকত নাছিল কোনো ঘোষণা। ফলত ১০/১২ গৰাকী দৰ্শকৰ সম্মুখতে চলচ্চিত্ৰ প্ৰদৰ্শন কৰিবলগীয়া হয়। আজি এমুঠিমান ছাত্র ছাত্ৰীক মাতি আনি নাট্য মন্দিৰৰ আসনত বহুৱাবলগীয়া হয়। এনেদৰে পালমৰা আয়োজনেৰে নিস্তেজভাবে সামৰণি পৰে চলচ্চিত্ৰ উৎসৱৰ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in