স্নাতক স্তৰৰ শৈক্ষিক সমস্যা সমাধানৰ দাবী, নলবাৰীত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ-পথ অৱৰোধ

স্নাতক স্তৰৰ শৈক্ষিক সমস্যা সমাধানৰ দাবী, নলবাৰীত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ-পথ অৱৰোধ

ডিজিটেল সংবাদ, নলবাৰীঃ স্নাতক স্তৰত বেক থকা দুখীয়া ঘৰৰ ছাত্র-ছাত্ৰীসকলৰ বিনামূলীয়া নাম ভৰ্তিৰ সুযোগ কাঢ়ি লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিগত এমাহ জুৰি ৰাজ্যত অল ইণ্ডিয়া ডি এছ অ'ৰ ছাত্ৰ সংগঠনৰ লগতে নিজাববীয়াকৈ ৰাজ্যৰ বিভিন্ন কলেজত শক্তিশালী গণতান্ত্ৰিক ছাত্র আন্দোলন গঢ়ি তোলাৰ পিচতো চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত সোমবাৰে অল ইণ্ডিয়া ডি এছ অ'ৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ জিলিকণি চ'কত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰে।

সংগঠনটোৰ প্ৰতিবাদী কৰ্মী-সমৰ্থকসকলে স্নাতক স্তৰত বেক থকা দুখীয়া ঘৰৰ ছাত্র ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰা নচলিব, ভেঞ্চাৰ কলেজসমূহতো দুখীয়া ঘৰৰ ছাত্র ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুযোগ প্ৰদান কৰক, ৭৫% উপস্হিতি নথকা দুখীয়া ঘৰৰ ছাত্র ছাত্ৰী সকলক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰা নচলিব, দুখীয়া ঘৰৰ ছাত্র ছাত্ৰীসকলক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰা নচলিব আদি বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰে।

প্ৰতিবাদকাৰীসকলে প্ৰায় ২০ মিনিট সময় পথ অৱৰোধ কৰি ৰাখে। সংগঠনটোৰ জিলা কমিটীৰ সভাপতি মুনীন্দ্ৰ দলেই প্ৰতিবাদথলীত কয় যে, যোৱা এমাহ জুৰি স্নাতক স্তৰৰ বেক থকা দুখীয়া ঘৰৰ ছাত্র ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ সুযোগ কাঢ়ি লোৱাৰ বিৰুদ্ধে শক্তিশালী ছাত্র আন্দোলন অব্যাহত ৰখা হৈছে, কিন্তু এইক্ষেত্ৰত লক্ষণীয়ভাবে চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ পৰা এইটো প্ৰতীয়মান হয় যে, চৰকাৰে আচলতে বেক থকা দুখীয়া ঘৰৰ ছাত্র ছাত্ৰীসকলক নামভৰ্তিৰ পৰা বঞ্চিত কৰি তেওঁলোকক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ চক্ৰান্ত ৰচিছে। তেওঁ এই বুলিও দাবী জনায় যে, চৰকাৰে বিষয়টোৰ প্রতি গুৰুত্ব আৰোপ কৰি এটা সঠিক সিদ্ধান্ত ল'ব লাগে। অন্যথা সমগ্ৰ ৰাজ্যত চিন্তাশীল সচেতন ছাত্র-ছাত্ৰীক লৈ ঐক্যবদ্ধ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in