নলবাৰী জিলা সাহিত্য সভাৰ দেশভক্তি দিৱস পালন…

নলবাৰী জিলা সাহিত্য সভাৰ দেশভক্তি দিৱস পালন…

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক দেহাৱসান তিথি উপলক্ষে পৰম্পৰাগতভাৱে দেশভক্তি দিৱস পালন কৰা হয়। উল্লেখ্য যে, ৰাজ্য চৰকাৰে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতি দিৱসটি দেশভক্তি দিৱস হিচাপে পালনৰ দিহা কৰিছে। নলবাৰী জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত এই উপলক্ষে আয়োজিত অনুষ্ঠানত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই দেশভক্ত তৰুণৰাম ফুকনলৈ শ্ৰ্দ্ধা নিৱেদন কৰি মহান অসমীয়াগৰাকীৰ দেশ আৰু সাহিত্যসেৱাৰ বাবে কৰা ত্যাগ আৰু আদৰ্শ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ আৰু নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱকান্ত তালুকদাৰেও ভাগ লৈ অসমপ্ৰাণগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in