নলবাৰী জিলা পুথিভঁৰাললৈ উপায়ুক্তৰ ডেৰ শতাধিক গ্ৰন্থদান…

নলবাৰী জিলা পুথিভঁৰাললৈ উপায়ুক্তৰ ডেৰ শতাধিক গ্ৰন্থদান…

ডিজিটেল সংবাদ, টিহুঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য , বিশিষ্ট শিক্ষাবিদ ড: অমৰজ্যোতি চৌধুৰীয়ে কিছুসংখ্যক ছাত্ৰ – ছাত্ৰী আৰু কিতাপ অনুৰাগীক লৈ শনিবাৰে আবেলি গুৱাহাটীৰ জিলা পুথিভঁৰালত আৰু পুথিভঁৰালৰ বাহিৰত আৰম্ভ কৰা কিতাপ পঢ়াৰ আন্দোলন কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি নলবাৰী জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিকৰ হাতত ডেৰ শতাধিক কিতাপ আৰু আলোচনী প্ৰদান কৰে ।

গ্ৰন্থ প্ৰদান কৰি তেওঁ কয় যে 'নলবাৰীত বহু সংখ্যক পঢ়ুৱৈ আছে । তেওঁলোকে জিলা পুথিভঁৰালৰ পৰা কিতাপবোৰ পঢ়িব পাৰিব । নলবাৰীত শিক্ষানুষ্ঠান আৰু ব্যক্তিগত পুথিভঁৰালো বহু সংখ্যক আছে । সেইবিলাক পুথিভঁৰাললৈকো উপায়ুক্তগৰাকীয়ে গ্ৰন্থ প্ৰদান কৰিব । ' লগতে তেওঁ আশা প্ৰকাশ কৰে যে এই গ্ৰন্থসমূহে পঢ়ুৱৈসকলক উপকৃত কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in