টিহুত পঞ্চায়তৰ আঁচনি ৰূপায়ণত লেহেম, খঙত অগ্নিশৰ্মা উপায়ুক্ত

টিহুত পঞ্চায়তৰ আঁচনি ৰূপায়ণত লেহেম, খঙত অগ্নিশৰ্মা উপায়ুক্ত

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ টিহু খণ্ড উন্নয়ন কাৰ্যালয়ত সোমবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কাৰ্যালয়টোৰ অধীনৰ মাখিবাহা গাঁও পঞ্চায়ত, জলখানা ভঠুৱাখানা গাঁও পঞ্চায়ত, নাথকুছি গাঁও পঞ্চায়ত, পূব নাম্বৰভাগ গাঁও পঞ্চায়ত, পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত আৰু নমাটি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), আঁচনি, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ৰোজগাৰ যোজনা আদি আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে। সভাত উপস্থিত থকা জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু জিলাখনৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা এই কাৰ্যালয়টোৰ অধীনৰ চৰকাৰী আঁচনিবোৰ ৰূপায়ণৰ বহু কাম লেহেমীয়া হোৱা বাবে খঙত অগ্নিশৰ্মা হয়।

জনহিতাৰ্থে কামবোৰ যাতে ক্ষিপ্ৰতাৰে হয়, তাৰ বাবে দুয়োগৰাকী বিষয়াই পঞ্চায়তৰ কৰ্মচাৰী, সভাপতি, সদস্য সকলোকে সময় নিৰ্ধাৰিত কাৰ্যসূচী ল'বলৈ পৰামৰ্শ আগবঢ়ায়। আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত সমস্যাই দেখা দিলে জিলা উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। সোমবাৰৰ আঁচনিবোৰ পৰ্যালোচনা সভাত পঞ্চায়তৰ বহুকেইগৰাকী সভাপতি, কণিষ্ঠ অভিযন্তা, পঞ্চায়তৰ সচিব, সদস্যই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত গৃহ সজাবৰ বাবে লাভ কৰা টকা একাংশ হিতাধিকাৰীয়ে বেংকৰ পৰা উলিয়ায়ো হিতাধিকাৰীৰ হেমাহিৰ বাবে গৃহবোৰ সম্পূৰ্ণ হোৱা নাই অথবা একাংশই ইচ্ছাকৃতভাৱে সজোৱা নাই।

এনে হিতাধিকাৰীৰ নামত খণ্ড উন্নয়ন বিষয়াক জিলা উপায়ুক্তই থানাত এজাহাৰ দিবলৈ নিৰ্দেশ দিয়ে। ইফালে, নাথকুছি গাঁও পঞ্চায়তৰ কণিষ্ঠ অভিযন্তা গৰাকীক বিভাগীয় কামত হেমাহি কৰাৰ বাবে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জবাব দিহি কৰি মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাক যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। এই পৰ্যালোচনা সভাত গাঁও পঞ্চায়তবোৰৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, সদস্য আদি জনপ্ৰতিনিধিৰ উপৰি খণ্ড উন্নয়ন কাৰ্যালয়টোৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকি আঁচনিবোৰ ৰূপায়ণৰ অগ্ৰগতিৰ খতিয়ান আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in