নলবাৰীত মুখ্যমন্ত্ৰী গাওঁ পঞ্চায়ত ১৭ বছৰ অনূৰ্ধ্বৰ খেলুৱৈৰ ক্ৰীড়া প্ৰতিযোগিতা…

নলবাৰীত মুখ্যমন্ত্ৰী গাওঁ পঞ্চায়ত ১৭ বছৰ অনূৰ্ধ্বৰ খেলুৱৈৰ ক্ৰীড়া প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু শাৰীৰিক নিৰ্দেশক সকলৰ সহযোগত নলবাৰী জিলাৰ ৭ টা উন্নয়ন খণ্ডৰ গাওঁ পঞ্চায়ত ভিত্তিত (ফুটবল/ এথলেটিকছ্) ক্ৰীড়া প্ৰতিযোগিতা ১৭ বছৰ অনুৰ্ধ্ব খেলুৱৈৰ উভয় শাখাত বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়।

নলবাৰীৰ জিলা ক্ৰীড়া প্ৰকল্প সৰিয়হতলীত অনুষ্ঠিত এই প্ৰতিযোগিতাখন উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, মহকুমা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, ক্ৰীড়া সংগঠক ৰাতুল গোস্বামী, গৌতম কলিতা, নৱ দাস, পৰেশ বৰ্মণ , কল্যাণ বৰ্মণ, দেৱজিৎ ডেকা, বিপুল সাউদ আদি ক্ৰীড়া সংগঠক তথা অন্যান্য শাৰীৰিক নিৰ্দেশক সকল।

বৃহস্পতিবাৰে অনুষ্ঠিত ফুটবল খেল প্ৰতিযোগিতাত পূব নলবাৰী ব্লকে বৰক্ষেত্ৰী ব্লকক ২-০ গ'লত পৰাভূত কৰি চূড়ান্ত বিজয়ী হয়। আনহাতে বিভিন্ন ইভেন্টত এথেলিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২১ ফেব্ৰুৱাৰীত পুনৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব বুলি মহকুমা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in