নলবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস পালন…

নলবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস পালন…

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰীতো শিশু দিৱস পালন কৰা হয়। নলবাৰী আগশাৰীৰ শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ্ছ স্কুল আৰু শংকৰদেৱ শিশু নিকেতনত শিশু দিৱস উপলক্ষে বিভিন্ন খেল ধেমালি, গীত মাত আদি কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে নলবাৰী কলেজ ৰোডত থকা এছ আই পি কেন্দ্ৰতো শিশু দিৱস পালন কৰা হয়। শিশুৰ মনস্তাত্বিক বিকাশৰ বাবে মেম'ৰী টেষ্ট , চকী খেল আদি অনুষ্ঠিত হয়।

এম এন চি বালিকা বিদ্যাপীঠত ছাত্ৰীসকলৰ মাজতে সভাপতি, নিৰ্দিষ্ট বক্তা, মুখ্য অতিথি আদি নিৰ্বাচিত কৰি এটা বিষয়ত শিক্ষক- শিক্ষয়িত্ৰী -ছাত্ৰীসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি ছাত্ৰীসকলক সভাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বালা মুগকুছি চ'কৰ জ্ঞানদ্বীপ জাতীয় একাডেমীতো বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in