নলবাৰীত বিভিন্ন দলৰ প্ৰাৰ্থী বাছনিত জটিলতা

নলবাৰীত বিভিন্ন দলৰ প্ৰাৰ্থী বাছনিত জটিলতা

ডিজিটেল সংবাদ, নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে নলবাৰীত শাসকীয় বিজেপি-অগপ, বিৰোধী কংগ্ৰেছ আদি দলে প্ৰাৰ্থী বাছনিত ব্যস্ত হৈ পৰিছে। অৱশ্যে বিভিন্ন ঠাইত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত বিপাঙত পৰিছে দলসমূহ। ক'ৰবাত যদি প্ৰাৰ্থিত্ব বিচৰা লোকৰ ভিৰ হৈছে, ক'ৰবাত আকৌ উপযুক্ত প্ৰাৰ্থী বিচাৰি পোৱা নাই দলসমূহে। ইয়াৰ মাজতে অগপ দলে অত্যুৎসাহী হৈ কেইবাখনো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু সদস্যৰ বাবে প্ৰাৰ্থী বাছনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

দলৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে বুধবাৰে দলটোৱে বিভিন্ন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। দলটোৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি নলবাৰী জিলাৰ বৰভাগ জিলা পৰিষদ সমষ্টিৰ বাবে অগপই এজন বিজেপি নেতাৰ পত্নীক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে। তেওঁ হৈছে পূৰ্বৰ কংগ্ৰেছ নেতা আৰু বৰ্তমান বিজেপি নেতা অমল নাৰায়ণ পাটোৱাৰীৰ পত্নী ৰুমা পাটোৱাৰী।

একেদৰে বাঁহজানী জিলা পৰিষদত নিষ্ঠাৱান অগপ কৰ্মী প্ৰণৱপ্ৰাণ বাচ্যসৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে। ঘগ্ৰাপাৰ জিলা পৰিষদত অগপই চাৰু কলিতাক টিকট দিয়াৰ সম্ভাৱনা প্ৰৱল। চাৰু কলিতা প্ৰাক্তন বিধায়ক মদন কলিতাৰ পত্নী। আঞ্চলিক দলটোৱে ভাংনামাৰী জিলা পৰিষদত প্ৰাৰ্থী নিদিয়ে বুলি জানিব পৰা গৈছে।

ইপিনে বিজেপিয়ে নলবাৰী বিধানসভা সমষ্টিৰ খাতা বতাহগিলা জিলা পৰিষদত নিতুল ডেকাৰ দলীয় টিকট প্ৰায় নিশ্চিত কৰিছে। সেইদৰে ঘগ্ৰাপাৰ জিলা পৰিষদত ডিম্বেশ্বৰ বেজবৰুৱা আৰু বাঁহজানী জিলা পৰিষদত অপূৰ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব একপ্ৰকাৰৰ নিশ্চিত কৰা বুলিও জনা গৈছে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিতো দলসমূহে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া পূৰ্ণ গতিত চলাই আছে। বুধবাৰে কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সূত্ৰত প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in