প্ৰতীকি ফটো
প্ৰতীকি ফটো

নলবাৰীত কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নলবাৰী জিলাতো পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষিত হোৱাৰ লগে লগে শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী কংগ্ৰেছ উভয়তে অসন্তুষ্টি আৰু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বহিঃপ্ৰকাশ ঘটিছে।নলবাৰী জিলাৰ বৰক্ষেত্ৰী, ধৰ্মপুৰ আৰু নলবাৰী সমষ্টিত দুয়োটা দলতে ঠায়ে ঠায়ে এনে সংঘাত হোৱাৰ খবৰ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত দুয়োটা দলতে স্বজন প্ৰীতি, লবী কেন্দ্ৰিক আৰু ধনৰ লেন-দেন হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

তদুপৰি শাসকীয় বিজেপি দলৰ সংশ্লিষ্ট সমষ্টিৰ বিধায়কক উপেক্ষা কৰি আৰ এছ এছৰ নিৰ্দেশত একাংশক প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগে দলীয়কৰ্মী সকলক ভীষণভাৱে অসন্তুষ্ট কৰি তোলা পৰিলক্ষিত হৈছে। অভিযোগ অনুসৰি নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ, বাঁহজানী, ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰ জিলা পৰিষদত আৰ এছ এছৰ মতে- বিজেপিৰ প্ৰাৰ্থী দিয়াৰ অভিযোগ উঠিছে।

উল্লেখ্য যে, বাঁহজানীত জিলা বিজেপিৰ সভাপতি তথা বিধায়ক অশোক শৰ্মাৰ ঘনিষ্ঠ অপূৰ্ব শৰ্মাই প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা আছিল যদিও শেষ মুহূৰ্তত এটা বিশেষ লবীৰ হেঁচাত মনোজ মেধিক প্ৰাৰ্থিত্ব প্ৰদান কৰে। তেনেদৰে ঘগ্ৰাপাৰ জিলা পৰিষদত বিধায়কৰ ঘনিষ্ঠ তথা বিজেপি মণ্ডলৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি নিশ্চিত হৈ আছিল যদিও বিধায়ক বিৰোধী শিৱিৰ হিচাবে পৰিচিত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ চুপাৰিশমতে যুৱ মৰ্চাৰ জিলা সভাপতি পংকজ ডেকাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকাৰ নেতৃত্বত কিছুদিন পূৰ্বে যুৱ মৰ্চাৰ এখন সভা অনুষ্ঠিত কৰি বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰি একপ্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল। আনকি বিধায়কৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱবোৰ সংবাদ মাধ্যমৰ হাততো তুলি দি পৰিৱেশ বিনষ্ট কৰি তুলিছিল। অৱশেষত বিধায়ক অশোক শৰ্মাক উপেক্ষা কৰি দিলীপ শইকীয়াৰ হস্তক্ষেপত দলীয় প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভাতৃ ঈশ্বৰ পাটোৱাৰীয়েও আৰ এছ এছৰ হস্তক্ষেপৰ বাবে নতুন দেহৰ জিলা পৰিষদত টিকট লাভ কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ উঠিছে। মন্ত্ৰী পাটোৱাৰীয়ে ভাতৃক টিকট দিয়াৰ বাবে চেষ্টা চলাইছিল যদিও আৰ এছ এছৰ হস্তক্ষেপত মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে, এনে হস্তক্ষেপেৰে প্ৰাৰ্থিত্ব লাভ কৰা সমষ্টিবোৰত বিসম্বাদী শিৱিৰে চিপৰাং লৈ দলীয় প্ৰাৰ্থীক হৰুৱাই ক্ষোভ উজৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ অভিযোগ পোহৰলৈ আহিছে।

ইপিনে বেলশৰ জিলা পৰিষদত বিজেপিৰ দলীয় প্ৰাৰ্থী ৰীতামণি ডেকা, পকোৱা জিলা পৰিষদত পৱিত্ৰ ডেকাৰ বিৰুদ্ধেও বিসম্বাদী শিবিৰে চিপৰাং লৈ সষ্টম হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধেও চিপৰাং বাহিনী সাজু হোৱাৰ উমান পোৱা গৈছে। অভিযোগ অনুসৰি আল্লিয়া জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী জয়শ্ৰী কলিতাক হৰুৱাবলৈ দলীয় টিকটৰ পৰা বঞ্চিত শিৱিৰটো সাজু হোৱাৰ বিপৰীতে বৰভাগৰ স্বপ্না বেজবৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছৰে এটা শক্তিশালী লবীয়ে চিপৰাং মৰাটো নিশ্চিত হৈ পৰিছে।

তেনেদৰে দৌলাশাল জিলা পৰিষদত জেহেৰুল হকৰ বিৰুদ্ধে আৰু নতুন দেহৰ জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী গৌতম বৰ্মনক হৰুৱাবলৈ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা বাহিনী সষ্টম হোৱাৰ অভিযোগ উঠিছে। তেনেদৰে গাওঁ পঞ্চায়ত সমূহতো চিপৰাং পাৰ্টী সাজু হোৱাৰ খবৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন যে আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত। উল্লেখ্য যে নলবাৰী সমষ্টিৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত এগৰাকীয়ে 'মোক টিকট নিদিয়াৰ খেল দেখুৱাই আছো' বুলি হুংকাৰ দিয়া কাৰ্যই দলত বেচ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই কেনেকৈ ক্ষোভ অসন্তুষ্টি,বিসম্বাদ নিৰসন কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in