নলবাৰীত ‘মাটিৰ গোন্ধ’ উন্মোচন…

নলবাৰীত ‘মাটিৰ গোন্ধ’ উন্মোচন…

ডিজিটেল সংবাদ, নলবাৰীঃ 'অসমীয়া ভাষাৰ মাজে মাজে ইংৰাজী সুমুৱাই দি খিচিৰি কৰিলে ক'ত অসমীয়া ভাষাৰ উন্নতি হ'ব। এনেদৰে ভাষাটোৰ শ্ৰাদ্ধ পতাহে হ'ব। আমি শুদ্ধ ৰূপত অসমীয়া ভাষাৰ চৰ্চা কৰিব লাগিব। আজি মাতৃভাষা দিৱসৰ দিনটোত আমি সকলোৱে অসমীয়া ভাষাৰ শৰাধ নাপাতি শ্ৰদ্ধা জনাবলৈ সংকল্প ল'ল লাগে।'- এই মন্তব্য বিশিষ্ট কবি কমল কুমাৰ জৈনৰ।

দেওবাৰে নলবাৰীৰ মৈৰাদোঙাস্থিত পাগলাদিয়া ৰিজ'ৰ্টত অনুষ্ঠিত হোৱা এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সঞ্চালকৰ ভাষণত কবিগৰাকীয়ে এনেদৰে কয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত গজালি প্ৰকাশনৰ পৰা প্ৰকাশ কৰা কবি ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীৰ কাব্য গ্ৰন্থ "মাটিৰ গোন্ধ" আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি বিপুল কুমাৰ দত্ত আৰু শান্তনু শৰ্মাই।

প্ৰকাশক শংকৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তীয়ে গ্ৰন্থখনৰ আঁৰৰ কথা ব্যক্ত কৰে। ড° সৌৰভ হালৈৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত কবি মানসজ্যোতি শৰ্মা, দীপালিমা দত্ত, কমল চন্দ্ৰ দাস, ৰবীন দাস, শংকৰ শৰ্মা, বিপুল কুমাৰ দত্ত, কমল কুমাৰ জৈন, ডাঃ কান্তা চক্ৰৱৰ্তী আদি কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in