অতি শীঘ্ৰেই ‘দিঠকত হেৰাল সপোন’…

অতি শীঘ্ৰেই ‘দিঠকত হেৰাল সপোন’…

ডিজিটেল সংবাদ,নলবাৰীঃ শাৰদীয় বতৰতেই মুক্তি লাভ কৰিব এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ "দিঠকত হেৰাল সপোন"। আজি নলবাৰী জিলা প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে- চলচিত্ৰখনৰ প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাই। সংবাদমেলত কয় যে মাকন প্ৰিয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা চলচিত্ৰখন মুক্তিৰ দিন ধাৰ্য হৈ থকাৰ পিচতো কোৰোনা মহামাৰীৰ বাবে মুক্তি দিব পৰা নাই।

"দিঠকত হেৰাল সপোন" নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ কাহিনী- ৰুদ্ৰকান্ত শৰ্মাৰ।চিত্ৰনাট্য-সংলাপ পৰিচালক পংকজ পল্লৱ শৰ্মাৰ। অভিনয় কৰিছে- প্ৰবীণ অভিনেত্ৰী মমী বৰা, মুকুল দাস, নাগাৰা নামৰ জনপ্ৰিয় শিল্পী ৰামচৰণ ভড়ালী, অজিত বৰ্মন, ডাঃ প্ৰণৱ শৰ্মা, দিগন্ত নাথ, প্ৰাণজিৎ লোচন শৰ্মা, প্ৰণৱজ্যোতি কলিতা, দিপু কাকতি, পংকজ পল্লৱ শৰ্মা, হৰিশ তালুকদাৰ, দিলজিৎ বৰ্মন, নৃপাল বৰ্মন, মদন বৰ্মন, দ্বিজেন শৰ্মা, চন্দানিকা বৰ্মন, হৃদয় ৰাজ, ভায়োলিনা, আইজনী ডেকা, জিতুমনি ডেকা, দীপা ভট্টাচাৰ্যৰ লগতে মুখ্য চৰিত্ৰত জৰ্জিয়া মেধি।

ছবিখনৰ সংগীত পৰিচালনা-অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মন। কন্ঠ নিগৰাইছে ড৹ অনিমা চৌধুৰী, সুকন্যা গোস্বামী, অজিত বৰ্মন আৰু দেৱাৰ্চনা কাশ্যপে।ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰণৱজ্যোতি কলিতা আৰু কৈলাস কুমাৰ। সংবাদমেলত জনোৱা অনুসৰি "দিঠকত হেৰাল সপোন" পৰিয়ালে আৰম্ভ কৰিব বিচাৰিছে সদৌ অসম ভিত্তিত "দিঠকত হেৰাল সপোন" অনলাইন প্ৰতিযোগিতা।

শ্ৰেষ্ঠ প্ৰথম তিনিজনক পুৰস্কাৰ দিয়াৰ লগতে প্ৰতিভাৱানজনক মাকন প্ৰিয়া প্ৰডাকচনৰ পৰৱৰ্তী ছবিত অভিনয়ৰ সুযোগ প্ৰদান কৰা হ'ব বুলি জনায় প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাই। ইচ্ছুক অভিনয় প্ৰতিযোগীয়ে নিজৰ পছন্দৰ এটি বিষয়ত পাঁচ মিনিটৰ একক ভিডিঅ' 9954293668,9101695016 হোৱাট্এপ নম্বৰত প্ৰেৰণ কৰিব পাৰিব। সংবাদমেল খনত উপস্থিত থাকে "দিঠকত হেৰাল সপোন" পৰিয়ালৰ হৈ- বিশিষ্ট সাংবাদিক দিগন্ত নাথ,কাৰ্যবাহী প্ৰযোজক দীপু কাকতি আৰু বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালী।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in