পংকজগোবিন্দ মেধিৰ ব্যতিক্ৰমী পদক্ষেপ, নলবাৰীৰ শ্ৰীভাৰতী সংগ্ৰহালয়ত উপলব্ধ ঊনবিংশ শতিকাৰ দুষ্প্ৰাপ্য গ্ৰন্থ-তথ্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নলবাৰীঃ অসমীয়া সাহিত্যৰ গৱেষক আৰু আগ্ৰহী পাঠকৰ বাবে ঊনবিংশ শতিকাৰ গ্ৰন্থ সংগ্ৰহ যথেষ্ট কষ্টসাধ্য কাম। তেনে কষ্টসাধ্য কাম উজু কৰিবলৈ আগবাঢ়ি আহিছে নলবাৰীৰ শ্ৰীভাৰতী সংগ্ৰহালয়ে। অসমত ছপা মাধ্যমত কিতাপৰ আত্মপ্ৰকাশ ঘটে ঊনবিংশ শতিকাৰ দ্বিতীয় দশক অৰ্থাৎ ১৮১৩ চনত আত্মাৰাম শৰ্মাৰ দ্বাৰা অনূদিত 'ধৰ্মপুস্তক' নামৰ গ্ৰন্থৰ মাধ্যমত। পৰৱৰ্তী সময়ত ১৮৪৪ চনত 'আছাম বুৰঞ্জী', ১৮৪৬ চনত 'অৰুণোদয়'কে আদি কৰি ঊনবিংশ শতিকাৰ শেষ তিনিটা দশকত আশীখনতকৈও অধিক গ্ৰন্থ অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশ পায়।

শ্ৰীভাৰতী সংগ্ৰহালয়ে ঊনৈশ শতিকাত প্ৰকাশিত কেইবাখনো গ্ৰন্থ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি ফটোকপি মাধ্যমেৰে পঢ়ুৱৈৰ সুবিধাৰ্থে প্ৰস্তুত কৰি উলিয়াইছে। তাৰ ভিতৰত ১৮৩৭ চনত প্ৰকাশিত 'টোপগ্ৰ্যাফি অৱ আছাম', এ স্কেচ্চ অৱ আছাম(১৮৪৭চন), নাথান ব্ৰাউনৰ দ্বাৰা ৰচিত নিউ টেষ্টামেন্ট (অসমীয়া বাইবেল, ১৮৪৮ চন), গ্ৰামাটিকেল নোটিচেজ অৱ দ্য আছামিজ লেংগুৱেজ(১৮৪৮চন), চংছ অৱ দ্য নাইট(১৮৭১ চন), গ্লিম্পছ অৱ আছাম(১৮৮৪ চন), আউটলাইন গ্ৰামাৰ অৱ দ্য কছাৰী (বাৰা) লেংগুৱেজ(১৮৮৪চন), দ্য আছাম মিছন (১৮৮৭চন),লাইফ ইন আছাম(১৮৮৯ চন), এন আউটলাইন গ্ৰামাৰ অব দ্য দেউৰী চুটিয়া লেংগুৱেজ(১৮৯৫ চন), চাম আছামিজ প্ৰ'ভাৰ্ব (১৮৯৬ চন) আদি প্ৰায় চল্লিশখন গ্ৰন্থ সংগ্ৰহ আৰু ছপা বন্ধা কৰি পাঠকৰ সুবিধাৰ বাবে প্ৰদৰ্শন কৰি ৰখা হৈছে শ্ৰীভাৰতী সংগ্ৰহালয়ত।

সংগ্ৰহালয়টোৰ প্ৰৱন্ধক পংকজ গোবিন্দ মেধিয়ে জানিবলৈ দিয়া মতে ঊনবিংশ শতিকাৰ লোকপিয়লৰ তথ্য সম্বলিত 'এ ষ্টেটিষ্টিকেল একাউন্ট অৱ আছাম (১৮৭৪ চন), চেন্সাছ অৱ আছাম (১৯০২ চন), দ্য আছাম স্কুল ম্যানিউয়্যাল(১৯০৫ চন) আদি গ্ৰন্থও পাঠকৰ সুবিধাৰ বাবে উপলব্ধ কৰি ৰখা হৈছে। এনে গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য এখন গ্ৰন্থ হৈছে ইয়াণ্ডাবু যুদ্ধৰ ধাৰা বিৱৰণী সম্বলিত 'দ্য ন্যাৰেটিভ অৱ দ্য বাৰ্মিজ ৱাৰ'(১৮২৭চন)।

নলবাৰীৰ শ্ৰীভাৰতী সংগ্ৰহালয়ৰ প্ৰৱন্ধক তথা কবি, ঔপন্যাসিক, বাতৰি কাকত-আলোচনীৰ স্তম্ভলেখক পংকজ গোবিন্দ মেধিয়ে জনোৱা মতে ইংৰাজী নতুন বছৰটোৰ পহিলা দিনটোৰ পৰাই নিৰ্দিষ্ট নিয়ম আৰু পদ্ধতিৰ মাধ্যমেৰে গৱেষক, পাঠকসকলে উল্লিখিত গ্ৰন্থসমূহ পঠন আৰু নকলৰ নিৰ্দিষ্ট সুবিধা লাভ কৰিছে। উপযুক্ত সঁহাৰি লাভ কৰিলে শ্ৰীভাৰতী সংগ্ৰহালয়ে বিংশ শতিকাৰ উল্লেখযোগ্য গ্ৰন্থৰ সংগ্ৰহো পাঠকৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ কেশ আৰু পদধূলাকে আদি কৰি সহস্ৰাধিক সম্পদ সংগ্ৰহ কৰি ৰখা শ্ৰীভাৰতী সংগ্ৰহালয়ে বিভিন্ন বিষয়ক ১৭ সংখ্যক প্ৰদৰ্শনী আৰু উৎসৱ ইতিমধ্যে অনুষ্ঠিত কৰিছে। অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিয়ে পদাৰ্পণ কৰি সংগ্ৰহালয়ৰ কৰ্মকৰ্তাসকলক উৎসাহ যোগাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in